আজিৰে পৰা UPI নতুন নিয়ম- এইসকল লোকে কৰিব নোৱাৰিব UPI পেমেণ্ট
ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ অৰ্থাৎ ইউপিআই, অনলাইন ট্ৰেনজেকশ্যন, যি ভাৰতত সৰ্বাধিক ব্যৱহাৰ কৰা হয়। বৰ্তমানে ই সৰ্ববৃহৎ ডিজিটেল পেমেণ্ট ব্যৱস্থাত পৰিণত হৈ পৰিছে দেশত।
সহজে অনলাইন ধন পৰিশোধ কৰাৰ বাবে ইউপিআই সকলোৰে পৰিচিত তথা প্ৰথম পছন্দ হৈ পৰিছে দেশত। অৱশ্যে ইয়াৰ সহায়ত বহু প্ৰৱঞ্চকেও প্ৰৱঞ্চনা কৰি আছে। এনে পৰিস্থিতিত ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ কথা মনত ৰাখি সময়ে সময়ে নতুন নিয়ম আৰু আপডেট জাৰি কৰি আহিছে।
সেই উদ্দেশ্যেই আজি ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে ইউ পি আইৰ নতুন নিয়ম। এনে পৰিস্থিতিত বহুতো ইউপিআই ব্যৱহাৰকাৰীৰ বাবে লেনদেন বন্ধ হ’ব পাৰে।
নতুন নিয়মৰ অধীনত সকলো ইউপিআই ব্যৱহাৰকাৰীয়ে অনলাইন লেনদেন কৰিব নোৱাৰিব। দীৰ্ঘদিন ধৰি বন্ধ থকা বা নিষ্ক্ৰিয় মোবাইল নম্বৰ ব্যৱহাৰকাৰীৰ সেই ফোন নম্বৰৰ বাবে ইউপিআই পেমেণ্ট বন্ধ কৰা হৈছে।
বেংকৰ সৈতে লিংক কৰা নম্বৰটো যদি দীৰ্ঘদিন ধৰি সক্ৰিয় নহয় তেন্তে ব্যৱহাৰকাৰীসকলৰ বাবে ইউপিআই ব্যৱহাৰ কৰাটো সম্ভৱ নহ’ব। বেংকৰ সৈতে কোনো নিষ্ক্ৰিয় ফোন নম্বৰ সংযুক্ত হ’লেও বেংকিং সেৱাত প্ৰভাৱ পৰিব পাৰে।
ইয়াৰ বাবে পঞ্জীয়নভুক্ত মোবাইল নম্বৰ সক্ৰিয় হ’ব লাগিব। নিষ্ক্ৰিয় নম্বৰৰ পৰা ধন পৰিশোধ কৰিব নোৱাৰিব। টেলিকম বিভাগৰ নিয়ম অনুসৰি ৯০ দিন যদি কোনো ফোন নম্বৰ ব্যৱহাৰ কৰা নহয় তেন্তে ফোন নম্বৰটো নিষ্ক্ৰিয় কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ