ঘোষণা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল, অসমৰ পৰা ৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ
ঘোষণা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল। ২০২৩ বৰ্ষত অনুষ্ঠিত হোৱা ইউপিএছচি পৰীক্ষাত মুঠ ১০১৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল। অসমৰ পৰা ৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ ।
অসমৰ পৰা স্থান লাভ কৰোতা সকল হৈছে – ১৭২ সংখ্যক স্থানত অভিজ্ঞান হাজৰিকা, ২৩০ স্থানত ৰিকী লহকৰ প্ৰধান, ৩২০ নম্বৰ স্থান লাভ ইশ্বৰী ডেকা, ৫৫২ সংখ্যক স্থানত ভাস্বত শইকীয়া আৰু ৯৯২ স্থানত কল্লোল হাজৰিকা।
UPSC ৰ ৱেবচাইটত ঘোষণা কৰা হৈছে ফলাফলসমূহ। এইবাৰ ইউপিএছচি চূড়ান্ত পৰীক্ষাত উত্তৰ প্ৰদেশৰ লক্ষ্নৌৰ আদিত্য শ্ৰীবাস্তৱে শীৰ্ষ স্থান লাভ কৰিছে। দ্বিতীয় স্থানত আছে অনিমেশ প্ৰধান আৰু তৃতীয় স্থানত ডনুৰু অনন্যা ৰেড্ডী।
উল্লেখ্য যে, ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সৰ্বভাৰতীয় পৰ্যায়ৰ এই প্ৰশাসনিক সেৱাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। লিখিত পৰীক্ষাৰ অনন্ত জানুৱাৰীৰ পৰা এপ্ৰিল, ২০২৪ লৈ অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰ।
এই সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি উত্তীৰ্ণ হোৱা ১০১৬ জনীয়া তালিকা প্ৰকাশ কৰা হৈছে। এই তালিকাত আছে- ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বৈদেশিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা আৰু কেন্দ্ৰীয় সেৱা, গোট ‘এ’ আৰু গোট ‘বি’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ