বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰৌটেলা কেৱল অভিনয়ৰ বাবেই নহয়, ছ’চিয়েল মিডিয়াত কৰা বিভিন্ন মন্তব্য, দাবী আৰু ফেশ্বন ষ্টেটমেণ্টৰ বাবেও প্ৰায়ে চৰ্চাত থাকে। এইবাৰ পুনৰ এটা ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে চৰ্চালৈ আহিছে অভিনেত্ৰীগৰাকী। উৰ্বশী ৰৌটেলাৰ দাবী অনুসৰি, আমেৰিকাৰ লছ এঞ্জেলছস্থিত এটা AI কোম্পানীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই আইনী ব্যৱস্থাৰ অংশ হিচাপে কোম্পানীটোৰ পৰা ৭,০০০ কোটি টকাৰ ক্ষতিপূৰণ বিচৰা হৈছে বুলিও জানিবলৈ দিয়া হৈছে।
২৯ ছেপ্টেম্বৰত উৰ্বশী ৰৌটেলাই ছ’চিয়েল মিডিয়াত এটা বিবৃতি প্ৰকাশ কৰে। সেই বিবৃতিত অভিযোগ কৰা হয় যে, সংশ্লিষ্ট কোম্পানীটোৱে উৰ্বশীৰ নাম, ফটো আৰু ভিডিঅ’ তেওঁৰ অনুমতি অবিহনে ব্যৱহাৰ কৰিছে। দলটোৰ মতে, উৰ্বশীৰ নাম আৰু পৰিচয় ব্যৱহাৰ কৰি কোম্পানীটোৱে বৃহৎ পৰিমাণৰ ৰাজহ উপাৰ্জন কৰিছে। এই কাৰণতে কোম্পানীটোৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ক্ষতিপূৰণ হিচাপে ৭,০০০ কোটি টকা দাবী কৰা হৈছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। অৱশ্যে, উৰ্বশীয়ে প্ৰকাশ কৰা ছ’চিয়েল মিডিয়া পোষ্টটোত সংশ্লিষ্ট কোম্পানীটোৰ নাম উল্লেখ কৰা হোৱা নাই।
বিবৃতিটোত উৰ্বশীয়ে সংশ্লিষ্ট কোম্পানীটোক অভিনেত্ৰীগৰাকীৰ নাম ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। লগতে কোম্পানীটোৰ সৈতে জড়িত যিকোনো স্থানৰ পৰা উৰ্বশীৰ নাম আঁতৰাই পেলাবলৈও দাবী জনোৱা হৈছে। ৭,০০০ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে বিষয়টো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিশেষকৈ দাবী কৰা ধনৰাশি অত্যন্ত বৃহৎ হোৱাৰ বাবে এই বিষয়টোৱে অনুৰাগী আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে।
কৰ্মক্ষেত্ৰৰ কথা ক’বলৈ গ’লে, চলিত বৰ্ষৰ আৰম্ভণিতে উৰ্বশী ৰৌটেলাক অক্ষয় কুমাৰৰ ‘ৱেলকাম টু দ্য জংগল’ ছবিত দেখা গৈছিল। আহমেদ খানৰ পৰিচালনাত নিৰ্মিত ছবিখনত বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে। ছবিখন ছবিগৃহত মুক্তি পোৱাৰ পিছত পিছলৈ JioHotstarত ষ্ট্ৰীমিং কৰা হয়। ২১ আগষ্টৰ পৰা ছবিখন OTT প্লেটফৰ্মত উপলব্ধ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















