বনৰ পশু-পক্ষী সংৰক্ষণৰ বাবে বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰেই কোনোবা নহয় কোনোবাই পৰিকল্পনা কৰিয়েই থাকে৷ বিশ্বৰ বিভিন্ন স্থানত তৈয়াৰ কৰা হয় ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত এলেকাৰ৷ বিশেষকৈ লুপ্তপ্ৰায় প্ৰাণী বচাই ৰখাটোৱেই সংৰক্ষণৰ প্ৰধান উদ্দেশ্য৷ নিয়মমতে বন্ধ বন্যপ্ৰাণী চিকাৰো৷ পৰিবেশতন্ত্ৰ বজাই ৰাখিবলৈকে এই একাধিক পদক্ষেপ হৈ আহিছে বিভিন্ন দেশে৷
কিন্তু এইসমূহৰ মাজতেই আমেৰিকা আৰু কেনিয়াই লাখ লাখ পখী হত্যা কৰাৰ পৰিকল্পনা চলাইছে৷ আনকি হত্যাৰ বাবে বান্ধি দিছে নিৰ্দিষ্ট সীমাও৷ হঠাৎ কিয় আমেৰিকা আৰু কেনিয়াই এই সিদ্ধান্ত লৈছে?
আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি আমেৰিকাই ফেঁচা আৰু কেনিয়াই ভাৰতীয় কাউৰী হত্যা কৰাৰ সিদ্ধান্ত লৈছে৷ কেইমাহমানৰ ভিতৰতেই লাখ লাখ কাউৰী আৰু ফেঁচা হত্যা কৰিব এই দুই দেশে৷ প্ৰথমেই আহো কেনিয়াৰ কথালৈ৷ আফ্ৰিকাৰ পূব দিশত অৱস্থিত এখন সৰু দেশ কেনিয়া৷
কেনিয়া বুলিলেই প্ৰথমে মূৰত আহে বিশাল বিশাল জংঘলৰ কথা৷ তাতেই বিভিন্ন ধৰণৰ পশু আৰু পখী থাকে৷ সেই জগতত অবাধে ঘূৰি ফুৰিছে কাউৰীও৷ কেনিয়াৰ মাছাইমাৰা নহয়, এনে আৰু কেইবাখনো বিশাল অভয়াৰণ্য আছে কেনিয়াত৷ বিশ্বৰ বিভিন্ন প্ৰান্তত মানুহে ভিৰ কৰে কেনিয়াত৷ বিভিন্ন জন্তু চাবলৈ এই স্থানলৈ পৰ্যটকো আহে৷ লাখ লাখ ধন ইয়াৰ পৰাই উপাৰ্জন কৰে কেনিয়াই৷
কেনিয়াৰ মানুহৰ বৃহৎ অংশৰে জীৱিকা এই পৰ্যটনেই৷ সেয়ে পৰ্যটন শিল্পক বচাই ৰাখিবলৈ নানান পদক্ষেপ লৈ আহিছে কেনিয়া চৰকাৰে৷ সেই পদক্ষেপৰ অংশ হিচাপেই ভাৰতীয় কাউৰী মৰাৰ পৰিকল্পনা কৰিছে কেনিয়াই৷ সংবাদমাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি আগন্তুক ছমাহৰ মাজত ১০ লাখ ভাৰতীয় কাউৰীক মাৰিব কেনিয়া চৰকাৰে৷ তাৰবাবে বিশেষ পন্থা অৱলম্বন কৰা হ’ব বুলিও জনোৱা হৈছে৷ কেনেকৈ ইমান কাউৰী হত্যা কৰিব কেনিয়াই? ইয়াৰ মাজতেই আৰু এটা কথা, ভাৰতৰ কাউৰী ইমান দূৰ কেনেকৈ পালেগৈ?
ভাৰতৰ পৰা উৰি কেনিয়ালৈ কোনো কাউৰীয়েই যোৱা নাই৷ ভাৰতৰ দৰে কেনিয়াও আছিল ব্ৰিটিছৰ উপনিৱেশ৷ ভাৰত আৰু কেনিয়াৰ মাজত যিকোনো সময়ত জাহাজৰ চলাচল হৈয়েই থাকে৷ সেই জাহাজত উঠিয়েই ভাৰতৰ পৰা কেনিয়া পাইছেগৈ কাউৰী৷ কেনিয়াৰ উপকূলবৰ্তী এলেকাত মূলত এই কাউৰীসমূহে বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে৷ তাতেই বংশবিস্তাৰ কৰে৷ কেনিয়াত এতিয়া লাখ লাখ ভাৰতীয় কাউৰী আছে৷ কাউৰীসমূহৰ ইমানেই বংশবৃদ্ধি হৈছে যে এতিয়া সেই কাউৰীয়ে মূৰৰ বিষ হৈছে কেনিয়া চৰকাৰৰ৷
উপকূলবৰ্তী এলেকাত যিসমূহ সৰু সৰু চৰাই আছে সেই সমূহক মাৰি মাৰি শেষ কৰিছে কাউৰীসমূহে৷ সৰু সৰু চৰাইসমূহক খাই খাই শেষ কৰিছে কাউৰীসমূহে৷ কেৱল সেয়াই নহয়, সমুদ্ৰ উপকূলত ফুৰিবলৈ অহা পৰ্যটকসকলকো বিৰক্ত কৰে কাউৰীসমূহে৷ ভাৰতীয় কাউৰী সেয়ে হত্যা কৰাৰ সিদ্ধান্ত লৈছে৷ এই কাউৰীসমূহ বিষ দি মাৰি পেলোৱাৰ সিদ্ধান্ত লৈছে কেনিয়া চৰকাৰে৷ বিভিন্ন হোটেলত, খাদ্যৰ দোকানত ষ্টাৰলাইছাইড নামৰ এবিধ বিষ মিহলাই সেই খাদ্য কাউৰীসমূহক দিয়া হ’ব৷ সেই বিষ মাংস বা খাদ্য খোৱাৰ লগে লগেই মৃত্যুৰ মুখত পৰিব কাউৰীসমূহ৷ এই বিষৰ এটা গুণ হৈছে যে মৃত কাউৰীসমূহৰ শৰীৰ যদি কোনো পশু-পখীয়ে ভক্ষণ কৰে তেতিয়া একো অপকাৰ নহয়৷
ইফালে আমেৰিকাইয়ো ফেঁচা মৰাৰ সিদ্ধান্ত লৈছে৷ এটা বিশেষ প্ৰজাতিৰ ফেঁচা ধ্বংস কৰিব আমেৰিকাই৷ প্ৰায় ৪ লাখ ফেঁচা হত্যা কৰিব আমেৰিকা চৰকাৰে৷ ফেঁচা ধ্বংস কৰিবৰ বাবে চিকাৰীসকলক দি থকা হৈছে প্ৰশিক্ষণো৷ সেই জাতৰ ফেঁচা দেখামাত্ৰকেই যাতে গুলি কৰি হত্যা কৰা হয় সেই নিৰ্দেশ দিয়া হৈছে চিকাৰীসকলক৷ এই ফেঁচাৰ দাদাগিৰি বৃদ্ধি হোৱাৰ বাবেই এই সিদ্ধান্ত লৈছে আমেৰিকাই৷ ডাঙৰ ডাঙৰ ফেঁচাসমূহে সৰু ফেঁচাসমূহ মাৰি শেষ কৰাৰ বাবেই এই সিদ্ধান্ত লৈছে আমেৰিকা চৰকাৰে৷ অৱশ্যে আমেৰিকা চৰকাৰে লোৱা এই সিদ্ধান্তক বিৰোধীতা কৰিছে বহুকেইটা পশুপ্ৰেমী সংগঠনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ