আশী নব্বৈৰ দশকত তেওঁ প্ৰতিজন পুৰুষৰ হৃদয়ৰ ৰাণী আছিল৷ অভিনেত্ৰী বুলিলেই সকলোৱে চাব বিচাৰে মাধুৰি দীক্ষিতক৷ বলীউডৰ প্ৰথম শাৰীৰ একাধিক অভিনেতাৰ সৈতে তেওঁৰ নাম সংযুক্ত হৈ পৰিছিল যদিও ১৯৯৯ চনত সকলোৰে আশাত চেঁচাপানী ঢালি মাধুৰিয়ে সংসাৰ তৰে চিকিৎসক শ্ৰীৰাম নেনেৰ সৈতে৷ নেনেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ বলীউডকো কিছু বছৰৰ বাবে বিদায় জনাই মাধুৰীয়ে৷ প্ৰায় এটা যুগ আমেৰিকাত কটাই আকৌ বলীউডলৈ উভতি আহিছে মাধুৰী৷ বিভিন্ন ৰিয়েলিটি শ্ব’ত এতিয়া হতকাই দেখা যায় মাধুৰী দীক্ষিতক৷ বয়স বাঢ়িলেও মাধুৰীৰ সৌন্দৰ্য আজিও অটুত আছে৷
নেনেৰ হাতত ধৰি আমেৰিকাৰ বাসিন্দা হ’লেও মাধুৰীৰ মনত সংগোপনে ঠাই দখল কৰি আছিল এজন ভাৰতীয় ক্ৰিকেটাৰে৷ মাধুৰীৰ খুবেই পছন্দৰ ক্ৰিকেটাৰজন আন কোনো নহয়, তেওঁ সুনীল গাভাস্কাৰ৷ ১৯৯২ চনত সুনীল গাভাস্কাৰৰ সৈতে তেওঁৰ বন্ধুত্বৰ কথা নিজেই জনাইছিল মাধুৰীয়ে৷ মাধুৰীতকৈ ১৮ বছৰে ডাঙৰ এইগৰাকী ক্ৰিকেটাৰ যেতিয়া মেচত নামে তেতিয়াই তেওঁক দেখি মুগ্ধ হৈছিল মাধুৰী৷ সেই কথা তেওঁ নিজেই সংবাদমাধ্যমৰ আগত ব্যক্তও কৰিছিল৷ সুনীলৰ বাবে পাগল প্ৰেমৰ কথাও জনাইছিল মাধুৰীয়ে৷ তেওঁ কৈছিল, ‘মই সুনীলজীৰ বাবে পাগল আছিলো৷ মোৰ সপোনতো সুনীলজী প্ৰায়ে আহিছিল৷’
অৱশ্যে মাধুৰীৰ সেই প্ৰেম সিমানতেই সীমাবদ্ধ হৈ হাৰ্ট স্পেছিয়েলিষ্ট নেনেৰ সৈতে বিয়াত বহে মাধুৰী৷ প্ৰায় ২৬ বছৰীয়া দাম্পত্য জীৱন তেওঁলোকৰ৷ দুয়োৰে আছে দুটাকৈ সন্তানো৷ আৰিয়ান আৰু ৰায়ান৷ বিয়াৰ পাছতেই এক দীঘলীয়া বিৰতি লয় মাধুৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ