নিজ কন্যাক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল মাতৃ আৰু সতীয়া পিতৃ৷ এজন এজনকৈ সকলো মুক্ত হৈ বাহিৰলৈ আহিছে৷ আকৌ স্বাভাৱিক জীৱন উভতি আহিছে আটাইৰে৷ কিন্তু যাৰ হত্যাকাণ্ডক লৈ সমগ্ৰ দেশ এসময়ত উত্তাল হৈছিল আজিও সেই হত্যাকাণ্ডৰ কোনো সঠিক বিচাৰ নহ’ল৷ মানুহৰ মনৰ পৰাও যেন হেৰাই গৈছে শ্বীনা বৰা৷ ইমান বছৰৰ পাছত আকৌ এবাৰ সংবাদ শিৰোনাম দখল কৰিছে শ্বীনা হত্যাকাণ্ডই৷
কিছুদিন পূৰ্বে চিবিআইয়ে ৰিপৰ্ট দিছিল যে তেওঁৰ শৰীৰৰ যিসমূহ হাঁড় উদ্ধাৰ হৈছিল সেইসমূহ হেৰাই গৈছে৷ ক’ত হেৰাই গ’ল হাঁড়সমূহ তাকে বিচাৰি আকৌ অভিযান চলিল৷ ঘটনাক লৈ আকৌ ৰহস্যও বাঢ়িল৷ CBIৰ ষ্টৰৰুমৰ পৰা শ্বিনাৰ কংকাল হেৰাই যোৱাক লৈ ফৰেন্সিক বিশেষজ্ঞ জেৰা খানৰ সাক্ষ্যো গ্ৰহণ কৰে আদালতে৷ বুধবাৰে আকৌ শুনানি হোৱাৰ সময়ত আদালতত উপস্থিত হয় জেৰা খান৷
তেওঁৰ সাক্ষী দিবলৈ মতাৰ পূৰ্বে CBIৰ এছ পি নায়েক নিম্বালকৰে কয় যে জেৰাৰ খানৰ হঠাৎ সম্পত্তিৰ পৰিমান বৃদ্ধি পাইছে৷ বিদেশতো জেৰাই সম্পত্তি ক্ৰয় কৰিছে৷ অভিযুক্তৰ সৈতে হাত মিলাই জেৰাই তেওঁৰ প্ৰতিপত্তি বৃদ্ধি কৰিছে বুলি সন্দেহ কৰিছে CBI বিচাৰকে৷ শ্বিনাৰ কংকাল হেৰুওৱাটোৰ আঁৰত ফৰেনচিকৰ জেবাৰেই হাত আছে বুলিও বিশেষ চিঠি লিখি অভিযোগ দিছে চিবিআইয়ে৷
চিবিআই বিচাৰকে জনাই যে এই অভিযোগ অত্যন্ত গুৰুতৰ৷ বিষয়টোক লৈ তদন্ত হোৱা উচিত৷ সেই সময়ত আদালতত উপস্থিত আছিল শ্বিনাৰ মাতৃ ইন্দ্ৰানী মুখাৰ্জীৰ অধিবক্তা ৰঞ্জিত ছাঙ্গেল, পিটাৰ মুখাৰ্জীৰ আইনজীৱী মঞ্জুলা ৰাও আৰু সঞ্জীৱ খান্নাৰ অধিবক্তা শ্ৰেয়াংশ মিঠাৰে৷ তেওঁলোকেও এই ঘটনাৰ তদন্ত লাগে বুলি মতামত ব্যক্ত কৰিছে৷ ইয়াৰ পাছতেই আদালতৰ ওচৰত কিছু সময় বিচাৰে চৰকাৰী বিষয়াই৷ সেই সময়ৰ ভিতৰতেই CBIৰ ষ্টৰৰুমত শ্বিনাৰ কংকালৰ অংশ বিচাৰি পোৱা যায়৷ কিন্তু সেয়া প্ৰমাণ হিচাপে তুলি ধৰিব নিবিচাৰে চিবিআইয়ে৷ তাৰবাবে তেওঁলোকে কিছু সময় বিচাৰিছে৷
INX Mediaৰ অন্যতম প্ৰতিষ্ঠাতা ইন্দ্ৰানীৰ কন্যা শ্বিনা৷ ২০১২ চনৰ এপ্ৰিল মাহত ৰহস্যজনকভাৱে নিখোঁজ হৈ পৰে শ্বিনা বৰা৷ সেই ঘটনাৰ বাবে ২০১৫ চনৰ আগষ্ট মাহত ইন্দ্ৰানী গ্ৰেপ্তাৰ হয়৷ ইয়াৰ পাছতেই গ্ৰেপ্তাৰ হয় ইন্দ্ৰানীৰ গাড়ী চালক শ্যামবৰ ৰায়, ইন্দ্ৰানীৰ দ্বিতীয় স্বামী সঞ্জীৱ আৰু তৃতীয় স্বামী পিটাৰ৷ বাহনতেই ডিঙি চেপি হত্যা কৰা হৈছিল শ্বিনাক তাৰপাছত দেহটো জংঘলত পুৰি দিয়া হৈছিল বুলি উত্থাপিত হৈছিল অভিযোগ৷
জংঘলৰ পৰাই পুৰি যোৱা দেহাংশ উদ্ধাৰ হৈছিল৷ তদন্তকাৰীয়ে জনাই যে জেৰাত অপৰাধ স্বীকাৰ কৰিও লৈছিল ড্ৰাইভাৰ শ্যামবৰ আৰু সঞ্জীয়ে৷ কিন্তু ইন্দ্ৰানী আৰু পিটাৰৰ দাবী আছিল যে শ্বিনা বাচি আছে লুকাই আছে৷ শ্বিনা হত্যাক লৈ উত্তাল হৈছিল দেশ৷ বহুতেই শ্বিনাক ইন্দ্ৰানীৰ ভনীয়েক বুলিয়েই জানিছিল মৃত্যুৰ আগলৈকে৷ প্ৰকৃত তথ্য লুকুৱাই ৰাখিছিল ইন্দ্ৰানীয়ে৷ শ্বিনা ইন্দ্ৰানীৰেই কন্যা আছিল বুলি মৃ্ত্যুৰ পাছতহে জানিব পাৰিছিল চিনাকি বহুজনে৷ ইন্দ্ৰানীৰ পুত্ৰ মিখাইলে সেই তথ্য পোনতে ফাঁচ কৰে৷ পিটাৰৰ প্ৰথম বিবাহত হোৱা সন্তান ৰাহুলৰ সৈতে শ্বিনাৰ সম্পৰ্ক মানি ল’ব পৰা নাছিল ইন্দ্ৰানীয়ে৷ যাৰবাবে ইন্দ্ৰানীয়ে নিজেই কন্যাক হত্যা কৰাত আগভাগ লৈছিল বুলি বাতৰি প্ৰকাশ পাইছিল৷ শ্বিনা ইন্দ্ৰানী আৰু ইন্দ্ৰানীৰ পিতৃৰ সম্পৰ্কৰ ফলত জন্ম পোৱা সন্তান আছিল৷ শ্বিনাৰ মাতৃ ইন্দ্ৰানীয়েই সেই কথা ইন্দ্ৰানীয়ে নিজেই স্বীকাৰ কৰিও লৈছিল৷ কম বয়সতে পিতৃৰ কামনাৰ বলি হৈছিল ইন্দ্ৰানী৷ শ্বিনা প্ৰকৃততে তেওঁ আৰু পিতৃৰ সন্তান৷ এই তথ্যৰ বাহিৰে আন কোনো ৰহস্য আজিও উদঘাটন হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ