উত্তৰাখণ্ডৰ পৰা দুটা মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হৈছে। তেহৰী গাড়োৱালত তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ ঋষিকেশ-বদ্ৰীনাথ ঘাইপথৰ এখন দলঙৰ পৰা ১০০ মিটাৰ দূৰত্বত এটা খাৱৈত পৰে। ইয়াৰ ফলত ছয়জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হয়। ইফালে, ৰুদ্ৰপ্ৰয়াগৰ কুজা উপত্যকাত বিয়াৰ পৰা উভতি অহা লোক কঢ়িয়াই অনা বলেৰ’ গাড়ী এখন ৫০০ মিটাৰ দৈৰ্ঘ্যৰ এটা খাদত পৰি চাৰিজন আৰু আঘাতপ্ৰাপ্ত হয় ছয় জন।
তেহৰী গাড়োৱালৰ ঋষিকেশ-বদ্ৰীনাথ ঘাইপথত এখন দলঙৰ পৰা বাগৰি পৰে তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছ। সংবাদ সংস্থা ANI ৰ এক প্ৰতিবেদন অনুসৰি ৬ জন লোক নিহত হোৱাৰ বিপৰীতে ২০ জনতকৈ অধিক লোক আহত হৈছে। এই দুৰ্ঘটনাটোৱে অঞ্চলটোত ব্যাপক আতংকৰ সৃষ্টি কৰে। টেহৰী গাড়োৱালৰ গুলাৰ বজাৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। এখন দলঙৰ পৰা প্ৰায় ১০০ মিটাৰ তলৰ খাৱৈত বাগৰি পৰে বাছখন।
দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ব্যাসী আৰু ধলৱালাৰ এছ ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘটনাস্থলীলৈ ৰাওনা হৈছে তেহৰীৰ জিলা দণ্ডাধীশ নীতিকা খাণ্ডেলৱাল আৰু এছ এছ পি শ্বেতা চৌবে। দুৰ্ভাগ্যজনক বাছখনত প্ৰায় ৩০-৩৫ জন যাত্ৰী আছিল, ইয়াৰে প্ৰায় ২০ জন যাত্ৰীক নিৰাপদে উদ্ধাৰ কৰা হয়। আহতসকলক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
ৰুদ্ৰপ্ৰয়াগ পথ দুৰ্ঘটনাত ৪ জন নিহত
সোমবাৰে গভীৰ নিশা উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগৰ কুজা ঘাটীত বিয়াৰ পৰা উভটি অহা বলেৰ’ই ৫০০ মিটাৰ দৈৰ্ঘ্যৰ দ গাঁতত বাগৰি পৰে। এই দুৰ্ঘটনাত ৪ জন লোক নিহত হোৱাৰ বিপৰীতে ৬ জন আহত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















