মহিলাসকল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সজাগতা হ’ব লাগে। বহু মহিলাই গুপ্তাংগৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ সুগন্ধি লিকুইড ৱাছ বা চাবোন ব্যৱহাৰ কৰে। আজিকালি বজাৰত বহুতো লিকুইড ৱাচ পোৱা যায়, যিবোৰ মহিলাসকলে বহুলভাৱে ব্যৱহাৰ কৰে। কিন্তু আপুনি ভাৱেনে এই লিকুইড ৱাচে আপোনাক প্ৰকৃততে সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে?
বিজ্ঞাপনবোৰত কোৱা হৈছে যে এই ৱাচ ব্যৱহাৰ কৰিলে সংক্ৰমণ হ্ৰাস পায়, ব্যক্তিগত অংশৰ দুৰ্গন্ধ নাইকিয়া হয় আৰু ব্যক্তিগত অংশ পৰিষ্কাৰ হৈ থাকে। সঁচাকৈয়ে লিকুইড ৱাছ ব্যৱহাৰ কৰা উচিত নে? চিকিৎসকে কি কয় জানো আহক…
চিকিৎসকৰ মতে, এনে সামগ্ৰীৰ অত্যধিক বা ভুল ব্যৱহাৰে স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰিব পাৰে। চিকিৎসা বিজ্ঞানৰ মতে যোনি হৈছে স্বয়ং পৰিষ্কাৰ কৰা অংগ। ইয়াৰ স্বাভাৱিক পি এইচ ৩.৫ৰ পৰা ৪.৫, যিয়ে সংক্ৰমণৰ পৰা ৰক্ষা কৰে। স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ শ্বেৰী এ ৰছে (এম ডি, আমেৰিকা) কৈছে, “গুপ্তাংগ নিজে পৰিষ্কাৰ কৰিব পাৰে। চাফাইৰ বাবে সুগন্ধিযুক্ত বা ৰাসায়নিক ভিত্তিক তৰল পদাৰ্থ ব্যৱহাৰ কৰিলে প্ৰাকৃতিক পি এইচ ভাৰসাম্য বিঘ্নিত হৈ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।”
লিকুইড ৱাছ ব্যৱহাৰ কৰিলে কি কি সমস্যা হ’ব পাৰে?
স্ত্ৰীৰোগ বিশেষজ্ঞসকলৰ মতে নিয়মিত বা অপ্ৰয়োজনীয়ভাৱে যৌনাংগ ধোৱা সামগ্ৰী ব্যৱহাৰে পি এইচৰ ভাৰসাম্য বিঘ্নিত কৰে, ভেঁকুৰৰ সংক্ৰমণ, বিৰক্তি, খজুৱতি, শুকানতা আদিৰ সৃষ্টি কৰিব পাৰে। বজাৰত পোৱা বহু সামগ্ৰীত সুগন্ধি আৰু কঠোৰ ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে দীৰ্ঘম্যাদীভাৱে গুপ্তাংগৰ মাইক্ৰ’বায়’মৰ ক্ষতি কৰিব পাৰে।
গুপ্তাংগ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন কেনেকৈ ল’ব?
- গুপ্তাংগৰ বাহিৰৰ অংশটো পৰিষ্কাৰ পানীৰে ভালদৰে ধুব লাগে।
- গুপ্তাংগ পৰিষ্কাৰ কৰিবলৈ সুগন্ধিযুক্ত সামগ্ৰী ব্যৱহাৰ নকৰিব, কিয়নো ই গুপ্তাংগ সমস্যা কৰিব পাৰে।
- চিকিৎসকৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















