শোকাৱহ, কাঠৰ মঞ্চ ভাঙি পৰি অকাল মৃত্যক সাৱটিলে ৭ গৰাকীয়ে, ৮০ৰো অধিক আহত
উত্তৰ প্ৰদেশৰ বাঘপাট জিলাত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। বাঘপাটত ভগৱান আদিনাথৰ নিৰ্বাণ লাডু উৎসৱৰ কাৰ্যসূচীৰ বাবে আয়োজন কৰা অনুষ্ঠানত অঘটন ঘটে। এখন কাঠৰ মঞ্চ ভাঙি পৰি এই দুৰ্ঘটনা সংঘটিত হয়।
কাঠৰ মঞ্চখন ভাঙি পৰাৰ ফলত মঞ্চৰ তলত আৱদ্ধ হৈ ৭ জন ভক্তৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে ৮০ জনতকৈ অধিক। বহু লোক সংকট জনক অৱস্থাত, যাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে।
জানিব পৰা মতে, তৎক্ষণাত এম্বুলেন্সৰ ব্যৱস্থা নথকাৰ বাবে আহতসকলক ততাতৈয়াকৈ ই-ৰিক্সাৰ সহায়ত চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয়। তথ্যৰ ভিত্তিত বৰাউত কোতৱালি পৰিদৰ্শকেও আৰক্ষী বাহিনীৰ সৈতে সেই স্থানত উপস্থিত হয়। আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকেও সেই স্থানত উপস্থিত হয়। আহতসকলৰ ভিতৰত প্ৰায় ১৫জন আৰক্ষীও আছে বুলি জানিব পৰা গৈছে।
তথ্য অনুসৰি বৰাউট চহৰৰ কোতৱালি অঞ্চলৰ গান্ধী পথত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা। শ্ৰী দিগম্বৰ জৈন ডিগ্ৰী মহাবিদ্যালয়ৰ চৌহদত নিৰ্মিত কাৰ্যসূচীৰ মঞ্চ ভাঙি যায়। নিৰ্বাণ মহোৎসৱৰ অধীনত ৬৫ ফুট উচ্চতাৰ মঞ্চ নিৰ্মাণ কৰা হৈছিল। সেই ৬৫ ফুট উচ্চতাৰ মঞ্চ খনেই ভাঙি পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















