৫৯ বছৰীয়া শ্বাহৰুখ খানক লগ দিছে এক বেমাৰে! নিজেই ৰাজহুৱাকৈ কৰিলে সদৰি
চাওতে চাওতে লাহেকৈ ৬০ বছৰীয়া হ’ব বলীউডৰ ৰোমান্টিক হিৰো তথা কিং খান শ্বাহৰুখ খান। বৰ্তমানে ৫৯ বছৰীয়া অভিনেতাগৰাকী পাছে এতিয়া চফল ডেকা। হাজাৰ জনী যুৱতীৰ আজিয়ো হিয়াৰ আমঠু। পাছে এই হিয়াৰ আমঠু এতিয়া ৰোগাক্ৰান্ত।
সদ্যহতে এক ৰাজহুৱা অনুষ্ঠানত অংশ লৈছিল বলীউড কিং খানে। সেই অনুষ্ঠানতে সকলোৰে সমুখত শ্বাহৰুখ খানে নিজৰ বয়সৰ লগতে নিজৰ বেমাৰৰ কথা উল্লেখ কৰে।
শ্বাহৰুখে কয়- তেখেত বৰ্তমানে ৫৯ বছৰীয়া, অহা বছৰলৈ ৬০ বছৰীয়া হৈ পৰিব। যদিও বয়স বাঢ়িছে, দেখাত কিন্তু ৩০ বছৰীয়া চফল ডেকা। পাছে বৰ্তমানে বয়সৰ লগে লগে লাহে লাহে হৰুৱাব ধৰিছে স্মৃতি শক্তি।
এই কথা শুনাৰ লগে লগে অনুৰাগী স্তব্ধ হৈ পৰে। মুহুৰ্ততে সকলো ফালে নীৰৱতাই বিৰাজ কৰে। কিন্তু লগে লগে আকৌ শ্বাহৰুখে হাঁহি হাঁহি এই কথা উৰুৱাই দি কয়। এতিয়াও তেঁও তেনেদৰে স্মৃতি শক্তি হেৰুওৱা নাই। সকলো ঠিকে আছে। কেৱল তেঁওৰ বয়স হে বাঢ়িছে। সকলো ফালৰ পৰাই এতিয়াও তেখেত ফিট।
শ্বাহৰুখৰ কথা শুনি লগে লগে পুনৰ হাঁহি বিৰিঙি উঠে অনুৰাগীৰ মাজত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ