২৫ ঘণ্টীয়া বিতৰ্কত অৱসান ঘটি সংসদৰ উভয় কক্ষত পাছ কৰোৱা হৈছে সংশোধিত ৱাকফ বিল৷ ৰাষ্ট্ৰপতিয়ে চহী কৰাৰ পাছতেই ইতিমধ্যে সেয়া আইনলৈ ৰূপান্তৰিত হৈছে৷ কিন্তু ইয়াতেই প্ৰশ্ন হয়৷ দেশৰ ৩০খন ৱাকফ বৰ্ডৰ হাতত মুঠ কিমান সম্পত্তি আছে? ইয়াৰ ভিতৰত মাটিৰ পৰিমাণ কিমান? বিল পাছ হোৱাৰ পাছতেই প্ৰকাশিত হৈছে ৱাকফৰ ৰাজ্যজুৰি থকা সম্পত্তিৰ খতিয়ান৷ সম্পত্তিৰ হিচাপেৰে প্ৰত্যেকখন ৰাজ্যক পিছপেলাই আগবাঢ়ি আছে বিজেপি শাসিত উত্তৰপ্ৰদেশ৷
ৱাকফ মেনেজমেণ্ট চিষ্টেম অফ ইণ্ডিয়া পৰ্টেলৰ তথ্য অনুসৰি চলিত বছৰৰ ১৪ মাৰ্চ পৰ্যন্ত সংশ্লিষ্ট বৰ্ডৰ হাতত থকা ৩৮ লাখ একৰ মাটি আছে ৮.৭২ লাখ নথিভুক্ত সম্পত্তি৷ ইয়াৰ মাজতেই ৪.০২ লাখ ৱাকফ সম্পত্তি ইছলাম ধৰ্মাৱলম্বীয়ে ব্যৱহাৰ কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয় হৈছে এয়াই যে মাত্ৰ ৯,২৭৯টা সম্পত্তিৰ মালিকানা ডব্লিউ এ এম এছ আইৰ পৰ্টেলত আপলোড কৰা হৈছে৷ ইয়াৰ মাজতেই আকৌ ১,০৮৩ টা সম্পত্তিৰ সুনিৰ্দিষ্ট ৱাকফ দলিল বা নথি আছে৷
ৱাকফ সম্পত্তিৰ ৰাজ্যসমূহৰ তালিকাত চকু ৰাখিলে দেখা যায় যে প্ৰথম স্থানত আছে উত্তৰপ্ৰদেশ৷ যোগীৰাজ্যত ছুন্নি ৱাকফ বৰ্ডৰ কাষত আছে ২.১৭ লাখৰ সম্পত্তি৷ অৱশ্যে তেওঁলোকৰ হাতত থকা মাটিৰ সুনিৰ্দিষ্ট হিচাপ এতিয়াও পোৱা হোৱা নাই৷ ইয়াৰোপৰি তাতেই চিয়া ৱাকফ বৰ্ডৰ হাতত আছে ১৫ হাজাৰ ৩৮৬ টা সম্পত্তি৷ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত আছে পশ্চিমবংগ, পঞ্জাৱ আৰু তামিলনাডু৷ এই তিনি ৰাজ্যৰ ৱাকফ সম্পত্তিৰ পৰিমাণ যথাক্ৰমে ৮০ হাজাৰ ৪৮০, ৭৫ হাজাৰ, ৯৬৫ আৰু ৬৬ হাজাৰ ৯২ টা৷
কৰ্ণাটক, কেৰালা আৰু তেলেংগানাৰ ৱাকফ বৰ্ডৰ সম্পত্তিৰ অংক যথাক্ৰমে ৬২ হাজাৰ ৮৩০, ৫৩ হাজাৰ ২৮৬ আৰু ৪৫ হাজাৰ ৬৮২টা৷
ৰাজ্যৰ পৰা কেন্দ্ৰীয়শাসিত অঞ্চল হোৱা জম্মু ৰাশ্মীৰত ৱাকফ সম্পত্তি আছে ৩২ হাজাৰ ৫৩৩৷ তালিকাত ভূস্বৰ্গৰ স্থান ১১৷ ৯ আৰু ১০ নম্বৰত আছে মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ৷ এই দুই ৰাজ্যত যথাক্ৰমে ৩৬ হাজাৰ ৭০১ আৰু ৩৩ হাজাৰ ৪৭২ টা ৱাকফ সম্পত্তি আছে৷ ইয়াৰোপৰি ৰাজস্থান, হাৰিয়ানা আৰু অন্ধ্ৰপ্ৰদেশৰ ৱাকফ সম্পত্তিৰ পৰিমাণ যথাক্ৰমে ৩০ হাজাৰ ৮৯৫, ২৩ হাজাৰ ২৬৭ আৰু ১৪ হাজাৰ ৬৮৫টা৷
সকলোতকৈ কম ৱাকফ সম্পত্তি আছে দাদৰা আৰু নগৰ হাভেলিত৷ তালিকাত এই কেন্দ্ৰীয়শাসিত এলেকাৰ স্থান ৩২ নম্বৰত৷ তাতেই ৱাকফ বৰ্ডৰ মাত্ৰ ৩০ টা সম্পত্তি আছে৷ ইয়াৰোপৰি চণ্ডীগড়ত ৩৪টা, মেঘালয়ত ৫৮ টা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ১৫১ টা ৱাকফ সম্পত্তি আছে৷ তালিকাত তেওঁলোকৰ স্থান যথাক্ৰমে ৩১, ৩০ আৰু ২৯৷
ফৰাচী ঔপনিবেশিক পুদুচেৰীত আছে ৬৯৩ টা ৱাকফ সম্পত্তি৷ ঝাৰখণ্ডৰ ছুন্নি ৱাকফ বৰ্ড ৬৯৮ টা সম্পত্তিৰ মালিক৷ কেন্দ্ৰীয়শাসিত লক্ষদ্বীপত আছে ৮৯৬ টা ৱাকফ সম্পত্তি৷ আৰু দিল্লীৰ ৱাকফ সম্পত্তিৰ পৰিমাণ ১০৪৭৷ তালিকাত ৰাজধানীৰ স্থান ২৩৷ বিহাৰৰ ছিয়া বৰ্ডৰ হাতত আছে ১৭৫০ টা সম্পত্তি, যি দিল্লীতকৈ কিছু বেছি৷
মুছলমান সম্প্ৰদায়ৰ বাবে ধৰ্মীয় আৰু দাতব্য উদ্দেশ্যৰে দান কৰা বা নিবেদিত সম্পত্তিৰ দেখভাল কৰে ৱাকফ বৰ্ডে৷ ইয়াৰ মাজতেই আছে মছজিদ, দৰগাহ, সমাধিস্থল আৰু শিক্ষা প্ৰতিষ্ঠান৷ চৰকাৰী তথ্যই কৈছে যে ৰে’ল আৰু প্ৰতিৰক্ষা দফতৰৰ পাছত দেশৰ তৃতীয় সৰ্বোচ্চ মাটিৰ মালিক ৱাকফ বৰ্ড৷
ব্ৰিটিছ শাসিত ভাৰতত ১৯১৩ চনত প্ৰথম ৱাকফ আইন তৈয়াৰ হৈছিল৷ তেতিয়া পাৰিবাৰিক সম্পত্তিক দাতব্য হিচাপে ব্যৱহাৰৰ অনুমোদন দিয়া হৈছিল৷ ১৯২৩ চনৰ পৰা ১৯৩০ চনৰ মাজত এই সংশ্লিষ্ট আইনত স্বচ্ছকা আনিবলৈ বেছ কিছু পৰিবৰ্তন কৰে তৎকালীন ব্ৰিটিছ চৰকাৰে৷ ফলত ৱাকফ আইনে বৈধতা লাভ কৰিছিল৷ স্বাধীনতাৰ পাছত ১৯৫৮ চনৰ ৱাকফ আইনত ৰাজ্য ৱাকফ বৰ্ড আৰু কেন্দ্ৰীয় ৱাকফ কাউন্সিলৰ অনুমোদন দিয়া হৈছিল৷ দ্বিতীয়টো অৱশ্যে ১৯৬৮ চনৰ পূৰ্বে তৈয়াৰ কৰা সম্ভৱ নহয়৷
১৯৯৫ চনত আকৌ ৱাকফ আইনত সালসলনি আনে৷ ইয়াতেই দেৱানী আদালতৰ ক্ষমতা লাভ কৰে ৱাকফ ট্ৰাইবুনালে৷ ২০১৩ চনত ৱাকফ সংশোধনী আইনে তৎকালীন কংগ্ৰেছশাসিত ইউপিএ চৰকাৰে এজন মুছলমান আইনজ্ঞ আৰু দুই মহিলা সদস্যসহ তিনিজনৰ ট্ৰাইবুনাল গঠন বাধ্যতামূলক কৰে৷ ইয়াৰোপৰি ৱাকফ সম্পত্তি বিক্ৰি বা উপহাৰ দিয়াও সম্পূৰ্ণ নিষিদ্ধ কৰে৷ ৱাকফ সম্পত্তি ইজাৰাৰ ম্যাদ সেই আইনত ৩০ বছৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছিল৷
কেন্দ্ৰৰ বিজেপিশাসিত এন ডি এ চৰকাৰৰ যুক্তি, ৱাকফ প্ৰশাসনৰ আধুনিকীৰণৰ লক্ষ্যৰে বৰ্তমানৰ আইনখন তৈয়াৰ কৰা হৈছে৷ ইয়াতেই ৱাকফৰ মাটিক লৈ আইনী জটিলতা দূৰ হব৷ ইয়াৰ ফলত বিলুপ্ত হব ৱাকফ বৰ্ডৰ একচ্ছত্ৰ ক্ষমতা৷ তেতিয়া কোনো সম্পত্তি ৱাকফ হয়নে সেয়া পৰীক্ষা কৰাৰ ক্ষমতা থাকিব জিলাশাসক বা সম পদমৰ্যাদাৰ অধিকাৰীৰ হাতত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















