অসম লাইভ ২৪ঃ ‘ৰামলীলা’ অঘটন। নেজত জুই লগাই লংকা দহন কৰিবলৈ ওলাওতেই মৃত্যুক সাবটি লয় খোদ হনুমানেই। এইয়া ৰামায়নৰ কাহিনীৰ সালসলনি নহয়। উত্তৰ প্ৰদেশত ৰামলীলাৰ অনুষ্ঠান চলি থকাৰ মাজতেই হঠাতেই সংঘটিত হোৱা ঘটনাহে।
উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাৰ চালেমপুৰত সংঘটিত ঘটনাই দেশজুৰি লাভ কৰিছে চৰ্চা। উত্তৰ প্ৰদেশৰ এজন ৫০ বছৰীয়া ব্যক্তিয়ে ৰামলীলাত অনুষ্ঠান পৰিবেশন কৰি থকাৰ সময়ত হঠাতেই ঢলি পৰে। শনিবাৰে নিশা ৰামলীলা প্ৰদৰ্শনৰ সময়ত হনুমানৰ নেজত জুই লগাই লংকা দহনৰ বাবে ওলাওতেই হৃদযন্ত্ৰ বিকল হৈ মঞ্চতেই মৃত্যু হয় ৫০ বছৰীয়া ৰাম স্বৰূপৰ।
উল্লেখ্য যে, ৰাম স্বৰূপে ৰামলীলাত অভিনয় কৰি থকাৰ সময়ত তেওঁৰ পত্নী আৰু পৰিয়ালৰ আন সদস্যসকলো সেই স্থানত উপস্থিত আছিল। মঞ্চতেই হঠাতে মৃত্যুক সাবটি লোৱা ৰামৰ দেওবাৰে অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰে পৰিয়ালে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















