আপোনাৰ ঘৰতো আছে নেকি মানি প্লাণ্ট, পাৰ্থক্য দেখিলেই জানিব ঘৰত হবলৈ গৈ আছে
বহু লোকেই আজি কালি নিজ নিজ ঘৰত মানি প্লাণ্ট ৰুই দিয়ে। মান্যতা অনুসৰি এই মানি প্লাণ্টে ঘৰখনলৈ সুখ-সমৃদ্ধি অনাৰ লগতে ভাল দিন আনে। পাছে এই মানি প্লাণ্টৰ সৈতে জড়িত আছে বহু নজনা কথা। গছ জোপাত কিছু পাৰ্থক্য দেখিলেই জানিব ঘৰত কি হবলৈ গৈ আছে।
বাস্তু শাস্ত্ৰ অনুসৰি মানি প্লাণ্ট ঘৰত লগোৱাটো অতিকে শুভ বুলি মান্যতা আছে। মানি প্লান্ট থকা ঘৰত কোনোদিনে আৰ্থিক সমস্যা নহয় বুলি মান্যতা আছে।
যি ঘৰত মানি প্লাণ্ট থাকে সেই ঘৰত পৰিয়ালৰ লোকৰ আয় বৃদ্ধিতো সহায় কৰে বিশ্বাস কৰা হয়। ঘৰলৈ সমৃদ্ধি আছে।
মানি প্লাণ্টৰ বাবে ঘৰলৈ সকৰাত্মক শক্তি প্ৰৱেশ কৰে আৰু পৰিয়ালৰ লোকৰ মাজত মৰম-চেনেহ থকাৰ লগতে সম্পৰ্ক মজবুত হৈ থাকে।
বাস্তু শাস্ত্ৰ অনুসৰি মানি প্লাণ্ট ঘৰত লগালে কেৱল এটা কথা বিশেষ ভাৱে মন কৰিব লাগে। বাস্তুৰ নিয়ম অনুসৰি মানি প্লান্টৰ কোনো ডাল বা পাত মাটিত লগ লাগি থাকিব নালাগে।
বিশ্বাস কৰা হয় যে, যদি মানি প্লাণ্টৰ আগ বা ডাল মাটিৰ সংস্পৰ্শলৈ আহে ,তেন্তে সেই ঘৰ খনৰ বাবে বেয়া। অৰ্থৰ অভাৱে দেখা বুলি ধৰা হয়।
ঘৰলৈ আৰ্থিক সমস্যাৰ আৰম্ভণি হয়। পৰিয়ালৰ লোকৰ মাজত সম্পৰ্কট ফাঁট মেলে, বহু সমস্যা বৃদ্ধি পাবলৈ ধৰে। বেমাৰ-আজাৰেও দেখা দিবলৈ ধৰে বুলি মান্যতা আছে।
সেয়ে সদায়ে, মানি প্লাণ্টৰ আগ সদায়ে উপৰমুখি হব লাগে বা উপৰৰ ফালে মুখ কৰি ৰাখিব লাগে। তেহে ঘৰলৈ সুখ-সমৃদ্ধি আহে।
ইয়াৰ উপৰিও মানি প্লাণ্টৰ গছ কোনোদিনে শুকাব দিব নালাগে। যদিহে ই শুকাবলৈ ধৰে বা ইয়াৰ পাত হালধীয়া হবলৈ ধৰে, তেন্তে অনতি পলমে ইয়াক ঘৰৰ পৰা আঁতৰ কৰিব লাগে। কিয়নো তেনে মানি প্লাণ্ট ঘৰৰ বাবে অশুভ বুলি ধৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ