ঘৰৰ তিনি স্থানত ৰাখক এই এবিধ মাত্ৰ সামগ্ৰী, গোটেই জীৱন ধৰি লাভ কৰক সুখ-সমৃদ্ধি
দেৱী লক্ষীক প্ৰসন্ন কৰি ৰখাৰ এক ঘৰুৱা উপায়। ঘৰৰ তিনিটা স্থানত সদায় ৰাখক এবিধ মাত্ৰ সামগ্ৰী। অতি সহজতে পোৱা এই বিশেষ সামগ্ৰীবিধ হৈছে কৰ্পূৰ।
হিন্দু ধৰ্মত কৰ্পূৰ উপাসনাত ব্যৱহাৰ কৰা হয়। দেৱ-দেৱীৰ আৰতিৰ বাবেও কৰ্পূৰ ব্যৱহাৰ কৰা হয়। কৰ্পূৰক অতি শুভ আৰু পবিত্ৰ বুলি গণ্য কৰা হয়। বাস্তু শাস্ত্ৰত বহুতো প্ৰতিকাৰৰ কথা উল্লেখ আছে যিয়ে সমস্যা দূৰ কৰাই নহয় ধনৰ নাটনিও ৰোধ কৰে।
ঘৰত কৰ্পূৰ ৰখাটো অতি শুভ বুলি মান্যতা আছে। কৰ্পূৰক দেৱতাৰ প্ৰিয় বুলি গণ্য কৰা হয় আৰু ই ঘৰলৈ ইতিবাচকতা প্ৰভাৱ আনে। নিতৌ পুৱা আৰু গধূলি পূজাৰ পিছত কৰ্পূৰ জ্বলাই পূজা কৰিলে ধন-সম্পত্তি আৰু ইতিবাচক শক্তিৰ আশীৰ্বাদ লাভ কৰে।
কৰ্পূৰ পূজাঘৰ বা মন্দিৰত ৰাখক।
পূজা কক্ষ বা মন্দিৰত কৰ্পূৰ ৰখাটো অতি শুভ। পূজা কক্ষ বা মন্দিৰ ঘৰৰ ধনাত্মক শক্তিৰ কেন্দ্ৰ। ইয়াত কৰ্পূৰ ৰাখিলে গোটেই ঘৰটোত ধনাত্মক শক্তি বিয়পি পৰে। কৰ্পূৰ ৰাখিলে দেৱী লক্ষ্মীকে ধৰি সকলো দেৱ-দেৱীৰ আশীৰ্বাদ পোৱা যায় আৰু ধনৰ অভাৱ নাইকিয়া হয়।
চন্দুক অথবা আলমাৰীত ৰাখত কৰ্পূৰ
বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ নিৰাপদ স্থানত আলমাৰী আদিত কৰ্পূৰ ৰখাটো অতি শুভ । ইয়াৰ ফলত টকা সুৰক্ষিত থাকে আৰু জীৱনত কেতিয়াও টকাৰ অভাৱ নহয় বুলি মান্যতা।
ঘৰৰ মূখ্য দ্বাৰত কৰ্পূৰ ৰাখক
বাস্তু শাস্ত্ৰৰ প্ৰতিকাৰৰ ভিতৰত ঘৰৰ মূল দুৱাৰত কৰ্পূৰ ৰখাৰ প্ৰতিকাৰৰ কথাও উল্লেখ কৰা হৈছে। মূল দুৱাৰত কৰ্পূৰ ৰাখিলে নেতিবাচক শক্তি ঘৰত সোমাব নোৱাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ