বাস্তু নিয়ম মানি ঘৰ এখন সজালে সোনকালেই ঘৰখন সুখ-সমৃদ্ধিৰে ভৰি পৰে৷ আপোনাৰ ঘৰত থকা কিছুমান বস্তুৱে ঘৰখনৰ বাস্তু দোষ খণ্ডায়৷ এনে কিছু সামগ্ৰী ঘৰত ৰাখিলে ঘৰখনত সুখ-সমৃদ্ধি বৃদ্ধি পোৱাৰ উপৰি মা লক্ষ্মীৰ কৃপাদৃষ্টি গৃহস্থৰ ওপৰত সদায় থাকে বুলি বিশ্বাস কৰা হয়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি ঘৰখন সমৃদ্ধিশালী হৈ থাকিবলৈ ব্যৱহাৰ কৰক এইকেইটা সামগ্ৰী—
ঘোঁৰাৰ খোৰাত লগোৱা বিশেষ লোহা ঘৰৰ বাবে লক্ষ্মীস্বৰূপ৷ এনে সামগ্ৰী ঙৰত ৰাখিলে দৰিদ্ৰতা দূৰ হোৱাৰ উপৰি সুখ-সমৃদ্ধিৰে ঘৰখন ভৰি পৰে৷
ঘোঁৰাৰ খোৰাত লগোৱা লোহাৰ পাটি ঘৰৰ দৰ্জাৰ সোঁমাজত ৰাখিব লাগে৷ এনে কৰিলে ঘৰখন আনৰ কুদৃষ্টিৰ পৰা বাচি থাকে৷
বিন্দ চাইম ঘৰত ৰাখিলে ইয়াৰ ইতিবাচক প্ৰভাৱ পোনপটীয়াকৈ ভাগ্যত পৰে৷ বিন্দ চাইমৰ ধ্বনিয়ে ঘৰৰ বাস্তু দোষ দূৰ কৰে৷ ঘৰৰ নকৰাত্মক প্ৰভাৱ দূৰ হয়৷
চীনা মুদ্ৰা
তিনিটা চীনৰ মুদ্ৰা এডাল ৰঙা ৰঙৰ ৰচীৰে বান্ধি ঘৰত উলোমাই ৰাখিলে ঘৰৰ ঋনাত্ম প্ৰভাৱ দীৰ হয়৷ এই তিনিটা মু্দ্ৰাক ত্ৰিভূৱনৰ প্ৰতীক মনা হয়৷ অৰ্থাৎ ত্ৰিভুৱনক দৰ্শায় এই তিনিটা প্ৰতীকে৷
লাফিং বুদ্ধা
লাফিং বুদ্ধাক সমৃদ্ধিৰ প্ৰতীক মনা হয়৷ ঘৰত লাফিং বুদ্ধা ৰখাটো শুভ মনা হয়৷
ময়ুৰ পাখি
ময়ুৰ পাখি ঘৰখনৰ বাবে অতি শুভ৷ তিনিটা বা পাঁচটা ৰাখিব লাগে, তাতোতকৈ অধিক ৰকাটো বাস্তুমতে অশুভ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ