হিন্দুধৰ্মত ঘণ্টা বজোৱাৰ বিশেষ মাহাত্ম্য আছে৷ ঘণ্টা হৈছে পজিটিভ এনাৰ্জিৰ প্ৰতীক৷ হিন্দুধৰ্মত দেৱতাৰ পূজাত ঘণ্টা বজোৱাৰ প্ৰথা আছে৷ ঘণ্টাধ্বনি হৈছে অত্যন্ত শুভ৷ কেৱল জ্যোতিষ নহয়, বিজ্ঞানেও জনাইছে যে ঘণ্টাধ্বনিয়ে বতাহত ভাঁহি থকা অতি ক্ষুদ্ৰ ভাইৰাছ আৰু বেক্টেৰিয়া নাশ কৰে৷
মন্দিৰত ঘণ্টা বজোৱাৰ ৰীতি
মন্দিৰৰ ঘণ্টাধ্বনিৰ মাধ্যমেৰে ঈশ্বৰৰ আৰতি কৰা হয়৷ মন্দিৰৰ মূল প্ৰৱেশপথৰ সন্মুখত ঘণ্টা ওলমাই থোৱা থাকে৷ বহুতেই মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত ঘণ্টা বজায়৷ কিন্তু বহুতে মন্দিৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়ত ঘণ্টা বজায়৷ বাস্তুশাস্ত্ৰ অনুসৰি মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহোতে কেতিয়াও ঘণ্টা বজাব নালাগে৷ ইয়াৰ ফলত নিগেটিভ এনাৰ্জি তৈয়াৰ হব পাৰে৷
শব্দৰ মাহাত্ম্য
শব্দ হৈছে শক্তিৰ এক ডাঙৰ উৎস৷ মন্দিৰলৈ সোমোৱাৰ সময়ত ঘণ্টা বজালে মন্দিৰৰ ভিতৰত এক শব্দ তৰংগ গঠিত হয়৷ এই শব্দ তৰংগৰ শুভ প্ৰভাৱ মন্দিৰত উপস্থিত থকা সকলোৰে ওপৰত পৰে৷ স্কন্দ পুৰাণত শব্দৰ মাহাত্ন্যৰ কথা বৰ্ণিত আছে৷ বাস্তুশাস্ত্ৰতো শব্দৰ গুৰুত্বৰ কথা পোৱা যায়৷
ওম ধ্বনিৰ মাহাত্ম্য
যেতিয়া মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত ওলোমাই থোৱা ঘণ্টা বজায় তেতিয়া ওম ধ্বনিৰ সৃষ্টি হয়৷ ওম ক বিশ্বব্ৰহ্মাণ্ডৰ আদি শব্দ বুলি ধাৰণা কৰা হয়৷ এই শব্দ অসম্ভৱ শুদ্ধ আৰু ই পজিটিভ শক্তি উৎপন্ন কৰে৷ ইয়াৰোপৰি ওম ধ্বনিয়ে আশে পাশে এক তৰংগৰ উৎপত্তি কৰে৷ সেয়ে মন্দিৰত সোমোৱাৰ সময়ত ঘণ্টা বজোৱাৰ ৰীতি প্ৰচলিত আছে৷ ইয়াৰ ফলত পৰিবেশ শুদ্ধ হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ