মধ্য প্ৰদেশৰ ব্যাৱৰাৰে বৈ যোৱা অনজাৰ নদী কিছুদিনৰ পৰা সামাজিক মাধ্যমত চৰ্চাত আছে। এই লেতেৰা নদীখন অকলে পৰিস্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে ব্যৱৰাৰ ছাত্ৰ সুৰেন্দ্ৰ সিংহ চৌধুৰী ওৰফে বিট্টু তবাহীয়ে।
বিট্টুৱে দাবী কৰে যে তেওঁ এককভাৱে ছমাহত নদীখন পৰিষ্কাৰ কৰিছিল। তেওঁৰ ৰিলে ইণ্টাৰনেটত প্ৰশংসা লাভ কৰিছে যদিও স্থানীয় লোক আৰু প্ৰশাসনে তেওঁৰ এই দাবীক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
বিট্টুৱে ইনষ্টাগ্ৰামত নদীখন চাফা কৰাৰ ভিডিঅ’ আৰু অতীত আৰু বৰ্তমানৰ ফটো শ্বেয়াৰ কৰিছে আৰু দাবী কৰে যে তেওঁ ২০২৬ চনৰ ২৬ জানুৱাৰীত নদীখন চাফা কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
তেওঁ এককভাৱে নদীৰ তিনিটা ঘাটৰ পিছফালৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰি স্কুটিত ভৰাই নদীৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰৈৰ অৰণ্যা গাঁৱৰ ডাম্পিং গ্ৰাউণ্ডত পেলাই দিয়ে।
স্থানীয় লোকে এই দাবী খণ্ডন কৰি কয় যে বিট্টুৱে মাজে মাজে জাবৰ আঁতৰাই পেলায়, কিন্তু ইয়াৰ ফলত নদীখনৰ কোনো অংশ পৰিষ্কাৰ হোৱা নাই। বানপানীৰ বাবে নদীখন স্বচ্ছ যেন দেখা গৈছে।
স্থানীয় বাসিন্দাই কয় যে, নদীখন অতি লেতেৰা, চৰকাৰে ইয়াক পৰিষ্কাৰ কৰিবলৈ আগবাঢ়ি আহিব লাগে।
মন কৰিবলগীয়া যে ৰাজগড় জিলাৰ নৰসিংগড়ৰ ওখ মালভূমিৰ পৰা অজনাৰ নদীৰ উৎপত্তি ঘটি মধ্যপ্ৰদেশৰ মাজেৰে প্ৰায় ৫২ কিলোমিটাৰ বৈ গৈ ৰাজস্থানত প্ৰৱেশ কৰে। ছেভ অজনাৰ সংস্থাইও ইয়াক পৰিষ্কাৰ কৰাৰ বাবে এক অভিযান আৰম্ভ কৰে।
স্থানীয় লোকৰ মতে নদীখন ইমানেই লেতেৰা যে সংগঠনৰ জৰিয়তে চাফা কৰাটো সম্ভৱ নহয়। এতিয়া কি সঁচা কি মিছা সময়ত লক্ষণীয় হ’ব। কিন্তু বৰ্তমান সকলোৱে সামাজিক মাধ্যমত যুৱকজনক প্ৰসংশাৰে উপচাই পেলাইছে।
(এই তথ্য সংগ্ৰহ কৰিছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















