নিজৰ জীৱনত তুচ্ছ কৰি লোকো পাইলটে অনায়াসে ৰক্ষা কৰিলে ৫০০ লোকৰ জীৱন, বিয়পি পৰিল ভিডিঅ’
নিজৰ জীৱনক তুচ্ছ কৰি মহানায়কত পৰিণত এগৰাকী লোকো পাইলট। দুঃসাহসিক কাম অনায়াসে কৰি ৰক্ষা কৰিলে ৫০০ লোকৰ জীৱন। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই পৰিস্থিতিৰ ভিডিঅ’।
চলি থকা ৰে’ল এখন লৰচৰ কৰি হঠাতে দলঙ এখনৰ ওপৰৰ ট্ৰেকৰ মাজতে ৰৈ যায়। তদন্তৰ অন্তত দেখা যায় যে ইঞ্জিনটো ক্ষতিগ্ৰস্ত হৈছে। চাপ লিকেজ পাইপ ভাঙি যোৱাৰ বাবে ইঞ্জিন বন্ধ হৈ গৈছে।
হঠাৎ ৰে’লখন ৰৈ যোৱাৰ ফলত যাত্ৰীসকলৰ মাজতো আতংকৰ সৃষ্টি। তাতে আৰু বতৰ বেয়া আনহাতে ৰেলখন দলঙৰ ওপৰত ৰৈ যোৱাৰ বাবে পাইলটসকলে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাত ভয় খাইছিল।
পাছত বহুত সাহস গোটাই লোকো পাইলট ওলাই আহে। ট্ৰেইনৰ তলত হাঁহি হাঁহি সেই ঠাই পাইগৈ য’ত লিকেজ পাইপ ভাঙিছিল। দলঙৰ পৰা ওলমি লোকো পাইলটে কোনোমতে পাইপ দলঙৰ লগত সংযোগ কৰি উভতি অহাৰ পিছত ইঞ্জিন ষ্টাৰ্ট কৰি ৰেলখন আগুৱাই লৈ যায়।
https://x.com/kgoyal466/status/1804413827565404183
লোকো পাইলটে নিজৰ জীৱনকো তুচ্ছ কৰি ৫০০ৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিলে তাৰ ভিডিঅ’ পোহৰলৈ আহিছে, যি ভিডিঅ’ চোৱাৰ পিছত বহু লোকেই ভাৰতীয় ৰে’লৱেৰ কৰ্মচাৰীগৰাকীৰ সাহসক প্ৰণাম জনাইছে।
লাভ কৰা তথ্য অনুসৰি বিহাৰৰ বগাহা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। নৰকটিয়াগঞ্জৰ পৰা গোৰখপুৰলৈ যোৱা ০৫৪৯৭ নম্বৰৰ ৰেলখনৰ ইঞ্জিনত এয়াৰ লিকেজ হৈ পৰে। ইয়াৰ বাবেই বাল্মিকীনগৰ পানীহৱাৰ মাজত ৰেলখন ৰৈ যায় আৰু লোকো পাইলট অজয়যাদৱ আৰু সহকাৰী লোকো পাইলট ৰঞ্জিত কুমাৰ দুয়োজনেই নিজৰ জীৱনক তুচ্ছ কৰি ইঞ্জিন মেৰামতি কৰি ৰেলখন আগুৱাই লৈ যায়। দুজনৰে সাহস দেখি সংমণ্ডলে দুয়োকে ১০ হাজাৰকৈ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ