অসম লাইভ২৪ঃ প্ৰিয় মানুহজনৰ সৈতে ৰেস্তোৰাত বহি গৰম চাহত চুমুক দিছে। কাষতেই আছে মৃতদেহ। কাষতেই মৃতদেহ লৈ প্ৰেয়সীৰ সৈতে ৰোমান্স কৰিছে। কেনেকৈ এয়া হ’ব পাৰে? শুনিলেই গাৰ নোম শিঁয়ৰি উঠে। এয়া কোনো ৰূপালী পৰ্দাৰ কাহিনীও নহয়। এনে এখন ৰেষ্টুৰেণ্ট আছে আমাৰ দেশতেই। কাষতেই শাৰী শাৰীকৈ মৃতদেহ থাকে। কাষতেই আছে সুস্বাদু আহাৰ গ্ৰহণ কৰিব পৰা এখন ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টত বহিয়েই দৈনিক বহুক্ৰেতাই চাহ মেল পাতে। ইতিমধ্যে এই চাহৰ দোকানৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে নেটদুনীয়াত।
আহমেদাবাদৰ লাল দৰাওয়াজাত আছে এই আজৱ চাহৰ দোকানখন। নাম ‘লাকি টি ষ্টোৰ’। এই চাহৰ দোকানখন কিন্তু নতুন নহয়। বিগত ৭২ বছৰ ধৰি এই দোকানত ক্ৰেতাসকলে সুস্বাদু খাদ্যগ্ৰহণৰ বাবে আহে। সম্প্ৰতি এজন ফুড ব্লগাৰেও এই দোকানখন সুন্দৰৰূপত দেখুৱাইছে। hungrycruisers নামৰ নিজৰ ইনষ্টাগ্ৰাম পেজত দোকানখনৰ সুন্দৰ বৰ্ণনা দাঙি ধৰিছে।
কিয় মৃতদেহ থোৱা স্থানত এই চাহৰ দোকান নিৰ্মাণ কৰা হৈছিল? প্ৰকৃততে দোকানখনৰ মালিক কৃষ্ণান কুট্টিয়ে আহমেদাবাদত ৰোস্তোৰা খুলাৰ বাবে মাটিৰ সন্ধানত আছিল। বিচাৰি বিচাৰি অৱশেষত তেওঁ সেই মাটিটুকুৰা দোকান খুলিবৰ বাবে লাভ কৰে। দাম দৰ সকলো মিলাত লগে লগেই মাটিখিনি ক্ৰয় কৰে কৃষ্ণানে। কিন্তু মাটিখিন কিনাৰ পাছত কৃষ্ণানে গম পায় যে তেওঁ ক্ৰয় কৰা মাটিখিনিৰ লগতে এটা কবৰস্থান আছে। এই কথা গম পোৱাৰ পাছতো কৃষ্ণানে কিন্তু ৰেস্তোৰা খোলাৰ সপোন বাদ নিদিলে। যিয়েই নহওক তেওঁ ৰেস্তোৰা খুলিবই। কবৰস্থানৰ মাজতেই তেওঁ ক্ৰেতা বহিবৰ বাবে আসন গঢ়ি তোলে। কেৱল সেয়াই নহয় প্ৰতিদিনে তেওঁৰ দোকানৰ কৰ্মচাৰীয়েই কবৰৰ কফিনসমূহ পৰিষ্কাৰ কৰে। কবৰসমূহত ফুলৰ থোপাও থয় তেওঁ দোকানৰ কৰ্মচাৰীসকলেই। লাহে লাহে সেই কবৰস্থানৰ গাতে লাগি থকা কৃষ্ণানৰ দোকানখন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ