অসম লাইভ ২৪ঃ টুইটাৰত শ্বেয়াৰ হোৱা এটা সৰু ভিডিঅ’ ক্লিপ দেখি হতচকিত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী৷ দৃশ্যটো নেপালৰ এয়াৰপ’ৰ্টৰ৷ প্ৰায় ২০ জনতকৈ অধিক লোকে কাষৰ পৰা ঠেলি এখন প্লেন আঁতৰোৱাৰ চেষ্টা কৰিছে ভিডিঅ’টোত৷ বাইক বা সৰু গাড়ী বেয়া হ’লে পাছৰ পৰা ঠেলি ষ্টাৰ্ট কৰাটো কোনো আচৰিত হ’বলগীয়া কথা নহয়৷ দৈনন্দিন জীৱনত বিভিন্ন সময়ত আমি এনে ঘটনা দেখিছো৷ কিন্তু এইবাৰ ছ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা উৰাজাহাজ ঠেলাৰ দৃশ্যই আচৰিত কৰি তুলিছে লোকসকলক৷ দৃশ্যটো নেপালৰ৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল এই দৃশ্য৷ নেপালৰ বাজুৰা বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা৷ টাৰা এয়াৰৰ এখন বিমান বাজুৰা এয়াৰপ’ৰ্টত অৱতৰণৰ সময়ত টায়াৰ ফাটি যোৱাৰ ফলত ৰানৱে’ৰ পৰা আঁতৰি যাব পৰা নাছিল৷ যাৰ ফলত পৰৱৰ্তী বিমানখনৰ অৱতৰণত অসুবিধা নোহোৱাকৈ বিমানখন ঠেলি আঁতৰোৱাৰ চেষ্টা কৰিছিল লোকসকলে৷ এই কাৰ্যত বিমানবন্দৰৰ কৰ্মচাৰীক সহায় কৰিছিল বিমানযাত্ৰীসকলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ