ছচিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈছে এক হৃদয়স্পৰ্শী ভিডিঅ’৷ তাত দেখা গৈছে বন বিভাগৰ এগৰাকী বাহন চালকে তীব্ৰ গৰমৰ বাবে তৃষ্ণাৰ্ত চিতা আৰু চিতাৰ পোৱালীক পানী খুৱাইছে৷ ঘটনাটো ঘটিছে মধ্যপ্ৰদেশৰ কুনো নেশ্ব্যনেল পাৰ্কৰ পাৰ্শ্ববৰ্তী এখন গাওঁত৷ ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই বহু মানুহে তেওঁৰ এই কামক প্ৰশংসা কৰিছে৷
কিন্তু এই মানৱিক কামৰ বাবেই এতিয়া প্ৰশংসাৰ বিপৰীতে বিভাগে তেওঁক শাস্তিহে প্ৰদান কৰিছে৷ এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বন বিভাগৰ চালক সত্যনাৰায়ণ গুৰজৰক বৰ্খাস্ত কৰা হৈছে৷ ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে গছৰ ছাঁত বিশ্ৰাম লৈ আছে চিতাৰ পৰিয়াল৷ সত্যনাৰায়ণে এটা পানীৰ পাত্ৰ হাতত লৈ ধীৰে ধীৰে চিতাৰ বাঘকেইটাৰ কাষলৈ গৈছে৷ চিতাৰ কাষ পাওঁতেই তেওঁ এখন ষ্টিলৰ প্লেটত পানী ঢালে৷ ইয়াৰপাছতেই মাক চিতা আৰু তেওঁৰ সন্তানকেইটা উঠি আহি প্লেটৰ পৰা পানী পান কৰে৷
https://x.com/Ajaydubey9/status/1908428349233389633
জনা গৈছে এই ঘটনাটো প্ৰকাশ্যে অহাৰ মাত্ৰ দুসপ্তাহ পূৰ্বে স্থানীয় কিছু মানুহে এটা চিতা আৰু তাৰ চাৰি সন্তানক উদ্দেশ্য কৰি শিল নিক্ষেপ কৰিছিল৷ তাৰপিছতেই এতিয়া পানী খুওৱাৰ ভিডিঅ’ দেখি বহুজনে প্ৰশংসা কৰিছে সত্যনাৰায়ণক৷ কিন্তু বন বিভাগে তেওঁৰ আচৰণক মানৱীয় হিচাপে গ্ৰহণ কৰা নাই৷ তেওঁলোকৰ মতে এই ধৰণৰ আচৰণ কৰিলে চিতা বাঘৰ মানুহৰ প্ৰতি আস্থা আহিব৷ যাৰ ফলত লোকালয়ত সোমাই পৰিব পাৰে৷ এইক্ষেত্ৰত আতংকত দিন কটাব সাধাৰণ মানুহে৷ ইয়াৰপাছতেই কুন্নো ফৰেষ্ট ডিভিছনৰ কৰ্মকৰ্তাই ঘটনাস্থল পৰিদৰ্শন কৰি চালক সত্যনাৰায়ণ গুৰজৰক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয়৷ এই সিদ্ধান্তক লৈ ইতিমধ্যেই ছচিয়েল মিডিয়াত নানান প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাধাৰণ জনতাই৷ কোনোৱে কৈছে এয়া প্ৰয়োজনীয় নিৰাপত্তাৰ অংশ৷ কোনো কোনোৱে আকৌ এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভো প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ