অসম লাইভ২৪ঃ শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনীৰ পাছত এইবাৰ বিৰাট কোহলী। ২২ জানুৱাৰীত অযোধ্যাৰ ৰামমন্দিৰ উদ্বোধন হ’ব। সেইদিনাই ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। দেশৰ বিভিন্ন ক্ষেত্ৰৰ তাৰকাই এই উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছে। এই আমন্ত্ৰিত অতিথিৰ তালিকাত এইবাৰ টীম ইণ্ডিয়াৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা। তাৰকা দম্পত্তিৰ হাতত আমন্ত্ৰণ পত্ৰ তুলি দিছে ৰাম মন্দিৰ ন্যাসে। হাতত আমন্ত্ৰণ পত্ৰ তুলি লোৱাৰ ছবি এতিয়া সামাজিকমাধ্যমত খুবেই ভাইৰেল।
শচীন তেণ্ডুলকাৰ, অমিতাভ বচ্চন, মুকেশ আম্বানীৰ পৰা কংগনা ৰানাউটলৈ। ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে আটাইকেইগৰাকী তাৰকাক। এই অনুষ্ঠানত ৰাজনৈতিক নেতা-নেত্ৰীৰ উপৰিও উপস্থিত থাকিব বিনোদন আৰু ক্ৰীড়া জগতৰ বহু লোক। বিগত ১৩ জানুৱাৰীত শচীনৰ ঘৰলৈ গৈ আমন্ত্ৰণ পত্ৰ দিছিল ৰাম মন্দিৰ ন্যাসৰ সদস্যই। তাৰপিছতেই ১৫ তাৰিখে আমন্ত্ৰণপত্ৰ লাভ কৰে ধোনীয়ে। এইবাৰ সেই তালিকা সংযুক্ত হৈছে বিৰাট আৰু অনুষ্কাও। এই অনুষ্ঠানতে মোদী, যোগীৰ দৰে ৰাজনৈতিক নেতা, সন্ন্যাসী, ভক্তইয়ো এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ