অসম লাইভ২৪ঃ ১০ জানুৱাৰী বিৰাট কোহলীৰ বাবে বিশেষ দিন৷ বিগত ১০ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া খেলখনত বিৰাটে শতক অৰ্জন কৰাৰ পাছতেই এমাহৰ পাছতেই পুনৰ শ্ৰীলংকাৰ বিৰুদ্ধে শতক অৰ্জন কৰি সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে৷
গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন এদিনীয়াত বিৰাট কোহলিয়ে ৭৩ সংখ্যক শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিৰাটে ৮৭ বলত ১১৩ ৰাণ সংগ্ৰ কৰিছে। এই খেলখনতেই কোহলিয়ে শচীন তেণ্ডুলকাৰৰ এক অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, শচীন ,তেণ্ডুলকাৰে এদিনীয়া ক্ৰিকেটত ঘৰৰ মাটিত ২০ টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বৰ্ষাপাৰৰ শতকটোৰে কোহলীয়েও ভাৰত ভূমিত অনুষ্ঠিত হোৱা এদিনীয়া খেলত ২০ সংখ্যক শতক স্পৰ্শ কৰিবলৈ সক্ষম হয়।
ঘৰৰ মাটিত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ৰিকেটাৰৰ তালিকাত শচীন আছিল শীৰ্ষ স্থানত। কোহলিয়ে আজি তেওঁৰ কেৰিয়াৰৰ ৭৩ সংখ্যক শতক অৰ্জন কৰাৰ পিছতে শচীনৰ সেই ৰেকৰ্ড স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। এই সময়ত শচীন আৰু বিৰাট দুয়োৱে ঘৰৰ মাটিত ২০ টাকৈ শতক অৰ্জন কৰি সৰ্বাধিক শতক অৰ্জন কৰাৰ তালিকাত শীৰ্ষ স্থানত আছে। এই পৰ্যন্ত বিৰাটে ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ বিৰুদ্ধেই ৯ টাকৈ মুঠ ১৮ টা শতক অৰ্জন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















