অসম লাইভ২৪ঃ কিছুদিন পূৰ্বে তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো ১৭৮০ কোটি টকাত চুক্তিবদ্ধ হৈছে ছৌদি আৰৱৰ আল নাছৰ ফুটবল দলৰ সৈতে৷ বিশ্বকাপত পৰাজয়বৰণ কৰিও মোটা অংকৰ ধনেৰে চেৰ পেলাইছে লিওনেল মেছিক৷ মেছি কিছুদিন পূৰ্বলৈকে সামাজিক মাধ্যমত সক্ৰিয় নাছিল৷
কিন্তু বিশ্বকাপ জয়ৰ পাছতেই মেছি সক্ৰিয় হৈছে ইনষ্টাগ্ৰামত৷ ইনষ্টাগ্ৰামত মেছিয়ে নিজা একাউণ্টৰ পৰা শ্বেয়াৰ কৰিছে কেইবাখনো ফটো৷ ছবিসমূহৰ ভিতৰত বিশ্বকাপ হাতত আৰু বিশ্বকাপত চুম্বন কৰি থকাৰ বিশেষ ছবি দুখনে কেইবা মিলিয়ন ভিউছ লাভ কৰিছে৷ কিন্তু শুনি আচৰিত হ’লেও এয়াই সত্য যে এই ফটোকেইখনৰ বাবদ মেছিক দিয়া হৈছে কেইবা মিলিয়ন পাউণ্ড৷
এটা আন্তৰ্জাতিক ৱেবচাইটত দেখুওৱা তথ্যমতে বিশ্বকাপৰ পাছতেই মেছিয়ে দিয়া দুখন ফটোৰ বাবদ মেছিয়ে লাভ কৰিছে প্ৰায় ৯ মিলিয়ন পাউণ্ড৷ ভাৰতীয় মূদ্ৰাত এই ধনৰ পৰিমান ৮৯ কোটি টকা৷ মাত্ৰ ডেৰ সপ্তাহৰ ভিতৰত এই আয় কৰিছে মেছিয়ে৷
ইফালে পিএছজিৰ পৰা মেছিয়ে এবছৰত লাভ কৰে ৪১ মিলিয়ন ইউ এছ ডলাৰ৷ ভাৰতীয় টকাত এই ধনৰ পৰিমান হ’ব ৩৩৭ কোটি টকা৷ ইনষ্টাগ্ৰামত ছবি পষ্ট কৰাৰ বাবদ বছৰি মেছিয়ে লাভ কৰে ১৮ লাখ পাউণ্ড৷ ভাৰতীয় টকাত এই ধনৰ পৰিমান হ’ব ১৩ কোটি টকা৷ মেছিৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ সংখ্যা ৪১ কোটি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ