অসম লাইভ২৪ঃ ভোগালী বিহুৰ উছাহ ৰাজ্যত৷ বিহু বুলিলেই অসমীয়াই য’তেই নাথাকক কিয় অসমলৈ আহিবলৈ যো-জা চলায়৷ কিন্তু এইবাৰ আমেৰিকাত থকা প্রবাসী অসমীয়াৰ বাবে আছে বেয়া খবৰ৷ বিহুত অসমলৈ আহিব নোৱাৰিব আমেৰিকাত থকা এজনো প্ৰৱাসী অসমীয়া৷ ১১ জানুৱাৰীৰ পৰা আমেৰিকাৰ সমস্ত বিমানৰ উৰণত বাধা আৰোপ কৰা হৈছে৷ টেকনিকেল গ্লিছ বা প্ৰযুক্তিগত বিভ্ৰাটৰ বাবেই উৰণ বন্ধ কৰা হৈছে আমেৰিকাৰ বিমানৰ৷
আমেৰিকাৰ বিশেষ সংবাদ সংস্থাই উল্লেখ কৰা অনুযায়ী বুধবাৰে পুৱাই ‘নটিছ টু এয়াৰ মিছনছ বা ন’টম নামৰ বিমানত ত্ৰুটি দেখা পোৱা গৈছিল৷ পাইলট আৰু বিমানৰ ক্ৰু সদস্যসকলে এই বিভ্ৰাটৰ কথা প্ৰকাশ কৰাত লগে লগেই সমূহ বিমানৰ উৰণত বাধা আৰোপ কৰে আমেৰিকা চৰকাৰে৷ বিমানসমূহৰ উৰণত কিমান দিনলৈ বাধা আৰোপ কৰা হৈছে সেই সম্পৰ্কে কোনো স্পষ্ট মন্তব্য দাঙি ধৰা হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ