বিৰাটৰ চাঞ্চল্যকৰ মন্তব্য, কিয় এৰিছিল বাংগালুৰু দলৰ অধিনায়কত্ব?
বাংগালুৰু দলে এইবাৰ আই পি এলত ধুমুহাৰ সৃষ্টি কৰিছে, অনুৰাগীৰ মতে আৰ চি বিয়ে এইবাৰ ট্ৰফী লৈহে এৰিব। এইবাৰ আৰ চি বিয়ে নতুন অধিনায়ক ৰজত পাটিদাৰৰ অধিনায়কত্বত খেলিছে।
একে সময়তে প্ৰতিবাৰৰ দৰে বিৰাট কোহলীয়ে পুনৰবাৰ দলৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। ২০২১ চনত বিৰাট কোহলীয়ে আৰচিবিৰ অধিনায়কত্ব এৰিছিল, সেই সন্দৰ্ভত কোহলীয়ে এতিয়া প্ৰকাশ কৰিছে যে তেওঁ কিয় আৰচিবিৰ অধিনায়কত্ব এৰিছিল?
আৰচিবিৰ প’ডকাষ্টৰ সময়ত বিৰাট কোহলীয়ে কয়, ‘এটা সময়ত মোৰ বাবে সঁচাকৈয়ে কঠিন হৈ পৰিছিল কাৰণ মোৰ কেৰিয়াৰত বহু কথাই ঘটিছিল। মই ৭-৮ বছৰ দেশৰ হৈ আৰু ৯ বছৰ আৰচিবিৰ অধিনায়ক হিচাপে আছিলো। প্ৰতিখন খেলত মোৰ বেটিং যিদৰে ভাল আছিল সেই দৰে অধিনায়কত্বও বহুত ভাল হোৱাটো আশা কৰিছিল। মই কেতিয়াও অনুভৱ কৰা নাছিলো যে মোৰ ফোকাচ স্থানান্তৰিত হৈছিল।
কোহলীয়ে আৰু কয়, “এয়া মোৰ বাবে অতি কঠিন হৈ পৰিছিল। সেয়ে মই অধিনায়কত্বই এৰি দিলো, কাৰণ মই অনুভৱ কৰিছিলো যে যদি মই সিদ্ধান্ত লৈছিলো যে যদি মই এই ঠাইত থাকিব লাগে, তেন্তে মই সুখী হোৱা উচিত। মোৰ জীৱনত এনেকুৱা এটা ঠাই লাগে য’ত মই আহি মোৰ ক্ৰিকেট খেলিব পাৰো, য’ত মোক কোনেও বিচাৰ নকৰাকৈ বা ‘এই ছিজনত কি কৰিব বুলি প্ৰশ্ন নকৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















