পুনৰ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ কেপ্টেইন হ’ব কোহলী, কিন্তু ধৰি দিলে চৰ্ত
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ পৰৱৰ্তী অধিনায়ক কোন হ’ব? এইটো এটা অতি ডাঙৰ প্ৰশ্ন। কাৰণ বিগত তিনিটা ছিজন ধৰি দলটোক নেতৃত্ব দি থকা অভিজ্ঞ আফ্ৰিকান বেটছমেন ফাফ ডু প্লেছিছৰ বয়স বৰ্তমানে ৪০ বছৰ। এইবাৰ ফ্ৰেঞ্চাইজিয়ে তেওঁৰ ওপৰত বিশ্বাস ৰখাটো এইবাৰ কিছু টান।
কাৰণ নিলামৰ সময়ত আগন্তুক তিনিবছৰৰ কথা চিন্তা কৰি খেলুৱৈসকলক বাছনি কৰিব। যাৰ ফলত ডু প্লেছিছ অহা ৩ বছৰলৈ ৪৩ বছৰীয়া হ’ব। এনে পৰিস্থিতিত এইবাৰ ফ্ৰেঞ্চাইজিয়ে এইগৰাকী খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা অতি কম।
নিলামৰ পূৰ্বে আকৌ এবাৰ এনে সম্ভাৱনা দেখা গৈছে যে ফ্ৰেঞ্চাইজিটোৱে কে এল ৰাহুলক নিজৰ দলতত অন্তৰ্ভুক্ত কৰাৰ কথা চিন্তা কৰিছে। ৰাহুলে আৰচিবিত যোগদান কৰিলেও খেলুৱৈগৰাকীৰ পূৰ্বৰ খেলৰ ওপৰত বিবেচনা কৰিলে মেনেজমেণ্টে তেওঁক অধিনায়কৰ দায়িত্ব নিদিয়াৰ সম্ভাৱনাই অধিক।
ইফালে এনে খবৰ ওলাইছে যে যদি আৰ চি বিয়ে পৰৱৰ্তী নিলামলৈ ইয়াতকৈ ভাল অধিনায়ক বিচাৰি নাপায়, তেন্তে বিৰাট কোহলীয়ে পুনৰবাৰ এই দায়িত্ব নিজৰ কান্ধত ল’ব পাৰে।
এক আলোচনাৰ সময়ত এই বিষয়ে কয় কোহলীয়ে। প্ৰয়োজন হ’লে তেওঁ পুনৰ এটা ছিজনৰ বাবে অধিনায়কৰ দায়িত্ব ল’ব পাৰে বুলি ইচ্ছা প্ৰকাশ কৰিছে কি কোহলীয়ে।
উল্লেখ্য যে, ২০১৩ চনৰ পৰা ২০২১ চনলৈকে কোহলীয়ে আৰচিবিৰ অধিনায়কত্ব কৰিছিল। এই সময়ছোৱাত দলটোৱে এবাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল যদিও খিতাপ দখল কৰাৰ সপোন কেৱল সপোন হৈয়েই থাকিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ