আজি ১৭ ছেপ্টেম্বৰ বুধবাৰে বিশ্বকৰ্মা পূজা৷ আহিন মাহৰ প্ৰথম দিনাই পূজিত হয় বিশ্বকৰ্মা৷ ধাৰণা কৰা হৈছে ভক্তিভাৱেৰে আৰাধনা কৰিলে বিশ্বকৰ্মাৰ আশীৰ্বাদ থাকে ভক্তৰ ওপৰত৷ এই দিনটো জ্যোতিষশাস্ত্ৰৰ দিনৰ পৰাও অত্যন্ত গুৰুত্বপূৰ্ণ৷
আজি সূৰ্যদেৱৰ ৰাশি পৰিবৰ্তন কৰিব৷ বুধবাৰে সূৰ্যই সিংহ ৰাশিৰ পৰা কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ জ্যোতিষশাস্ত্ৰত যি কোনো গ্ৰহৰ স্থান পৰিবৰ্তনৰ বিশেষ গুৰুত্ব আছে৷ ঠিক যেনেকৈ সূৰ্যৰ গোচৰৰ গুৰুত্ব অপৰিসীম৷ সৌৰজগতৰ ৰজা সূৰ্যই স্থান পৰিবৰ্তন কৰিলে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত পৰে৷ ৯ টা গ্ৰহৰ মাজত সূৰ্যদেৱে বছৰি ১২ বাৰ ৰাশি পৰিবৰ্তন কৰে৷ প্ৰতিটো ৰাশিত মোটামুটি এমাহ অৱস্থান কৰে সূৰ্যই৷ এই হিচাপত ১২ ৰাশি চক্ৰক এবাৰ প্ৰদক্ষিণ কৰিবলৈ সূৰ্যৰ ১২ মাহ সময় লাগে৷ সূৰ্যই কন্যা ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে কেইবাটাও ৰাশিৰ ভাগ্য সূৰ্যৰ দৰে উজ্জ্বল হব৷ গ্ৰহৰাজৰ গোচৰ ৫ ৰাশিৰ বাবে শুভ হব৷ অৰ্থ সাফল্যৰে ভৰিব এইকেইটা ৰাশিৰ জীৱন৷ আপুনিও তালিকাত আছেনে?
বৃষ ৰাশি
সূৰ্যৰ গোচৰ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে লাভজনক হব৷ যিকোনো কামত উৎসাহ আৰু ভৰপুৰ এনাৰ্জি থাকিব৷ ধৰ্ম সম্পৰ্কিত কোনো বিষয়ৰ ওপৰত আগ্ৰহ বাঢ়িব৷ সৃজনশীল কামৰ সৈতে যুক্ত ব্যক্তিয়ে উন্নতিৰ সুযোগ পাব৷ হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ আছে৷ চাকৰিত বদলি হব পাৰে৷ দৰমহা বঢ়াৰো সম্ভাৱনা আছে৷
মিথুন ৰাশি
সূৰ্যৰ ঘৰ সলনি মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ কেৰিয়াৰত যি কোনো পদক্ষেপত পৰিয়ালক কাষত পাব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম শেষ কৰিব পাৰিব৷ অফিচত নতুন দায়িত্ব পাব পাৰে৷ সহকৰ্মীসকলৰ সহযোগিতাত কামৰ পৰিবেশ অনুকূল থাকিব৷
কন্যা ৰাশি
সূৰ্যৰ গোচৰে কন্যা ৰাশিৰ আৰ্থিক পৰিস্থিতি সুৰক্ষিত কৰিব৷ চাকৰিত কৰ্মকৰ্তাসকলৰ সহায়তা পাব৷ কেৰিয়াৰত উন্নতিৰ পথ খুলিব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ যিসকলে নতুন বিনিয়োগ কৰিছে তেওঁলোকৰ বাবে এই সময় অনুকূল৷ পৰিয়ালত সুখ শান্তি থাকিব৷
বৃশ্চিক ৰাশি
সূৰ্যৰ ৰাশি পৰিবৰ্তনে বৃশ্চিক ৰাশিৰ সুদিন ঘূৰাই আনিব৷ সম্পত্তিৰ পৰা আয় বৃদ্ধি পাব৷ পৰিয়ালত কাৰোবাৰ সৈতে মনোমালিন্য থাকিব৷ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি ললে সফল হব৷ সন্তানৰ দুশ্চিন্তা কমিব৷
ধনু ৰাশি
সূৰ্যৰ গোচৰ শিক্ষামূলক কিংবা সৃজনশীল কামত সাফল্য কঢ়িয়াই আহিব৷ পাৰিবাৰিক জীৱনত সুখী হব৷ নতুন গাড়ী ক্ৰয়ৰ পৰিকল্পনা বাস্তবায়িত হব পাৰে৷ কৰ্মক্ষেত্ৰত পদোন্নতিৰ ইতিবাচক খবৰ পাৰে৷ আত্মবিশ্বাসৰ সৈতে কাম কৰিলে যিকোনো কামত সাফল্যৰ যোগ আছে৷ পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















