আজি যাত্ৰা কৰাৰ পূৰ্বে জানি লওঁক বাট-পথৰ নিৰ্দেশনা, বহু পথত আছে নিষেধাজ্ঞা
আজি ৪ জুন তাৰিখ মঙলবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা।
গুৱাহাটী মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজিৰ দিনটোত পুৱা ৪ বজাৰ পৰা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত গধূৰ যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। কিয়নো মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’ব ভোট গণনা প্ৰক্ৰিয়া।
আনহাতে জ্যোতিকুছিৰ দিশৰ পৰা ৰাজীৱ গান্ধী ৰোডৰ দিশে অহা বাহনসমূহ এ কে আজাদ ৰোডৰ দিশে যাব লাগিব। এই পথেৰে অহা কোনো বাহন মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ দিশে প্ৰৱেশ কৰিব নোৱাৰিব। ৰাজীৱ গান্ধী ৰোডত কোনো যান-বাহন চলাচল কৰিব নোৱাৰিব, ন’ পাৰ্কিং জ’ন হিচাপে ঘোষণা কৰা হৈছে।
গড়চুকৰ দিশৰ পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ দিশে অহা যান-বাহনসমূহ উৰণ সেঁতুৰ তলেৰে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ডাইভাৰ্ট কৰা হ’ব, মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ অভিমুখী ছাৰ্ভিচ ৰোডত কোনো যান-বাহন চলাচল কৰিবলৈ দিয়া নহ’ব। নিৰ্বাচনী কৰ্তব্যত থকা লোক, নিৰ্বাচন সম্পৰ্কীয় সামগ্ৰী আৰু জৰুৰীকালীন সেৱাৰ বাহনৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
অৱশ্যে এই ক্ষেত্ৰত জৰুৰীকালীন বাহন যেনে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন, এম্বুলেঞ্চ, জীৱনদায়িনী ঔষধ, অক্সিজেন কঢ়িওৱা বাহনৰ ক্ষেত্ৰত নাথাকিব এই নিষেধাজ্ঞা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ