শ্রীভূমিত খচৰা ভোটাৰ তালিকাত চুড়ান্ত বিসঙ্গতি৷
ভোটাৰ তালিকাত নাম নাই বিধায়ক ছিদ্দিক আহমেদৰ৷
দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদ৷
২০০১ চনৰ পৰা ২০১৬ চনলৈকে একেৰাহে তিনিবাৰ বিধায়ক হৈছিল ছিদ্দিক আহমেদ৷
২০১৬ চনৰ বিধানসভা নিৰ্বাচনত পৰাজয়বৰণ কৰে ছিদ্দিক আহমেদে৷
২০২১ চনত পুনৰ বিধায়ক হৈ দিছপুৰলৈ আহে ছিদ্দিক আহমেদ৷
সেই বিধায়ক ছিদ্দিকিৰেই নাম বাদ পৰিছে ভোটাৰ লিষ্টৰ পৰা৷
ভোটাৰ তালিকাত নাম নথকাক লৈ ক্ষুদ্ধ হৈ পৰিছে শ্ৰীভূমিৰ বিধায়ক ছিদ্দিক৷
ভোটাৰ তালিকাৰ বিসঙ্গতিক লৈ আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰিছে বিধায়ক ছিদ্দিক আহমেদে৷
মঙলবাৰে জিলা শাসকৰ কাৰ্যালয় ঘেৰাও কৰাৰ কথাও ঘোষণা কৰিছে বিধায়ক ছিদ্দিক আহমেদে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ