লোকসভাৰ পাছত মাজ নিশা ৰাজ্যসভাতো গৃহীত ৱাকফ সংশোধনী বিধেয়ক, সপক্ষে ১২৮টা ভোট
অৱশেষত সকলো বিতৰ্কৰ অন্ত পেলাই লোকসভাৰ পাছত মাজনিশা ২.৩০ বজাত ৰাজ্যসভাতো গৃহীত হয় বহু বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়ক।
ৰাজ্যসভাত বিধেয়ক খনৰ পক্ষত ভোট আহে ১২৮ টা ভোট আৰু বিধেয়কৰ বিৰুদ্ধে ৯৫টা ভোট লাভ কৰি ৱাকফ সংশোধনী বিধেয়কখন গৃহীত হয়।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বৃহস্পতিবাৰে ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক দাখিল কৰি কংগ্ৰেছ দল আৰু বিৰোধী সাংসদসকলক সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়। বিধেয়কখনে মুছলমান সম্প্ৰদায়ৰ অধিকাৰত ভৰি নিদিয়ে বুলি পুনৰ উল্লেখ কৰি ৰিজিজুৱে কয় যে এই বিধেয়কখনৰ ধৰ্মৰ কোনো সম্পৰ্ক নাই বৰঞ্চ কেৱল সম্পত্তিৰ সৈতেহে আলোচনা হ’ব।
উল্লেখ্য যে, লোকসভাত বিধেয়ক খনৰ পক্ষত -২৮৮ টা ভোট আৰু বিপক্ষত- ২৩২ টা ভোট পৰাৰ পাছত লোকসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যসভাত দাখিল কৰা হৈছিল, এতিয়া ৰাজ্য সভাতো গৃহীত হয় বিধেয়ক খন। এতিয়া কেৱল অপেক্ষা ৰাষ্ট্ৰপতিৰ স্বাক্ষৰলৈ। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছতে আইনত পৰিণত হব এই বিধেয়ক।
এতিয়াৰ পৰা কি কি সুবিধা হব এই বিধেয়কৰ জৰিয়তে-
সম্পত্তিৰ অনলাইন ৰেকৰ্ডিং – ৱাকফৰ সম্পত্তিৰ তথ্য অনলাইন পৰ্টেলত উপলব্ধ হ’ব।
পঞ্জীয়ন প্ৰক্ৰিয়া অনলাইন হ’ব – সম্পত্তিৰ পঞ্জীয়ন এতিয়া ডিজিটেলভাৱে কৰা হ’ব।
ছমাহৰ ভিতৰত তথ্য দিব লাগিব – ছমাহৰ ভিতৰত ৱাকফ ব’ৰ্ডে নিজৰ সকলো সম্পত্তিৰ সবিশেষ দিয়াটো বাধ্যতামূলক হ’ব।
কঠোৰ অডিট নিয়ম – কেগে নিযুক্তি দিয়া অডিটৰসকলে ৱাকফৰ সম্পত্তি পৰীক্ষা কৰিব।
ন্যায়িক সংস্কাৰ – ৱাকফ ন্যায়াধিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব।
তদন্ত প্ৰক্ৰিয়া শক্তিশালী কৰা হ’ব – সংগ্ৰাহক পৰ্যায়ৰ ওপৰৰ বিষয়াসকলে ৱাকফ গোচৰৰ তদন্ত কৰিব।
উল্লেখ্য যে, ভাৰতৰ ৱাকফ ব’ৰ্ডৰ ৯.৬ লাখ একৰ মাটি আছে যদিও অপব্যৱস্থাপনা আৰু বেদখলৰ বাবে ইয়াৰ সঠিক ব্যৱহাৰ কৰা হোৱা নাই। কাটাৰ আৰু তুৰ্কিয়েৰ দৰে দেশত ৱাকফৰ সম্পত্তি কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত পৰিচালিত হয়, যাৰ ফলত স্বচ্ছতা বজাই ৰখা হয়।
ৱাকফ সংশোধনী বিধেয়কখনৰ লক্ষ্য হৈছে ৱাকফৰ সম্পত্তিৰ সুৰক্ষা, স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰা। ইয়াৰ দ্বাৰা দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে ৱাকফৰ সম্পত্তিৰ সঠিক ব্যৱহাৰ নিশ্চিত হ’ব আৰু দুৰ্নীতি ৰোধ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ