কাইলৈ ২ অক্টোবৰ ২০২৪ বুধবাৰে চন্দ্ৰই দিনে নিশাই কন্যা ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আহিন মাহৰ অমাবস্যা তিথি৷ এই তিথি সৰ্বপিতৃ অমাবস্যা নামেৰেও পৰিচিত৷ কাইলৈ পালিত হ’ব মহালয়া, প্ৰয়াত পুৰ্বপুৰুষৰ নামেৰে তৰ্পণ কৰাৰ দিন৷ এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱ থাকিব৷ ইয়াৰোপৰি কাইলৈ থাকিব ব্ৰহ্মা যোগ আৰু ইন্দ্ৰ যোগৰ প্ৰভাৱ৷ কাইলৈ প্ৰথমে উত্তৰ ফাল্গুনী আৰু পাছত হস্ত নক্ষত্ৰৰ প্ৰভাৱ থাকিব৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ হোৱাৰ দিন?
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ কাইলৈ দিনটো আনন্দৰ হ’ব৷ কাইলৈ আপুনি নিজৰ কোনো ডাঙৰ লক্ষ্য অৰ্জন কৰিব পাৰিব৷ অন্যক নিজৰ কথা মনাব পাৰিব আপুনি৷ নিজৰ সকলো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ অতিৰিক্ত পৰিশ্ৰম কৰিলে তাৰ ফলো আপুনি নিশ্চয় পাব৷ কাইলৈ কাৰ্যালয়ত প্ৰমোছন পোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত বৃহৎ লাভ কৰিব আপুনি৷
কন্যা ৰাশি
কাইলৈ দিনটো কন্যা ৰাশিৰ জাতকৰ বাবে লাভজনক দিন৷ কাইলৈ সকলো কামতেই ভাগ্যই আপোনাক লগ দিব৷ মনৰ সকলো ইচ্ছা কাইলৈ পূৰ্ণ হ’ব৷ কাইলৈ কন্যা ৰাশিৰ জাতকৰ ব্যক্তিত্ব অত্যন্ত আকৰ্ষণীয় হৈ উঠিব৷ সমাজৰ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ আলাপ হ’ব৷ আদালতত বহুদিন ৰৈ থকা কাম কাইলৈ সম্পূৰ্ণ হ’ব৷
বৃশ্চিক ৰাশি
কাইলৈ সৰ্বাৰ্থ যোগৰ প্ৰভাৱত শুভ ফল লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ কাইলৈ আপুনি অতিৰিক্ত উপাৰ্জন কৰিব পাৰিব৷ অন্যৰ পৰা জৰুৰী সাহায্য পাব৷ কাইলৈ পিতৃপুৰুষৰ আশীৰ্বাদত সমাজত খ্যাতি আৰু প্ৰতিপত্তি বাঢ়িব বৃশ্চিক ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত কাইলৈ আৰ্থিক লাভ কৰিব৷ চৰকাৰী প্ৰকল্পৰ পৰা আপুনি লাভ কৰিব৷ অসম্পূৰ্ণ কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷
মকৰ ৰাশি
কাইলৈ হস্ত নক্ষত্ৰৰ প্ৰভাৱত কোনো আত্মীয় বা প্ৰতিবেশীৰ পৰা খুব ভাল খবৰ পাব পাৰে৷ ইয়াৰ ফলত আপোনাৰ মন আনন্দেৰে ভৰি থাকিব৷ বিৰোধীয়ে আপোনাক বিপদত পেলোৱাৰ ষড়যন্ত্ৰ কৰিব পাৰে৷ শত্ৰুৰ এই চেষ্টা আপুনি ব্যৰ্থ কৰাব৷ কাইলৈ সকলো কামতেই জয়ৰ মুখ দেখিব মকৰ ৰাশিৰ জাতকে৷
কুম্ভ ৰাশি
কাইলৈ কোনো সামাজিক কামত সক্ৰিয়ভাৱে অংশ ল’ব কুম্ভ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত সমাজত আপোনাৰ জনপ্ৰিয়তা আৰু প্ৰতিপত্তি বাঢ়িব৷ কাইলৈ সিদ্ধিদাতাৰ আশীৰ্বাদত আত্মবিশ্বাসেৰে তুংগত থাকিব কুম্ভ ৰাশিৰ জাতকে৷ পাৰ্টনাৰৰ সৈতে কোনো বিষয়ত ভুল বুজাবুজি থাকিলে কাইলৈ দূৰ হ’ব৷ কাইলৈ বন্ধুৰ সৈতে কোনো সুন্দৰ স্থানলৈ ফুৰিবলৈ যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ