দাতা কৰ্ণৰ আত্মাই স্বৰ্গত অৱস্থান কৰাৰ বাবে তেওঁক সোন ৰত্ন আদি খাদ্য হিচাপে দিয়া হৈছিল৷ কৰ্ণই তেওঁক সোণ, ৰত্ন খাদ্যত কিয় দি থকা হৈছে জানিব খুজিছিল৷ তেতিয়া তেওঁক দেৱতাগণে কৈছিল, ‘তুমি আজীৱন সোণ, ৰত্ন আদি দান কৰি গৈছা কিন্তু কাহানিও তুমি তোমাৰ পিতৃপুৰুষক পানী এটুপি দান কৰা নাই৷ সেই কাৰণেই তোমাক স্বৰ্গত সোণ আৰু ৰত্নই খাদ্য হিচাপে দি থকা হৈছে৷’
কৰ্ণই তেতিয়া স্বীকাৰ কৰে যে, পিতা আৰু পিতৃপুৰুষক খাদ্য দিবলগীয়া কথাটো তেওঁ জনা নাছিল৷ পিতৃপুৰুষক পানী দিব লাগে বুলি নজনাৰ বাবেহে তেওঁ জীৱনকালত তেওঁলোকক পানী অৰ্পণ কৰা নাছিল৷ এই বিষয়টো সন্দৰ্ভত তেওঁ শেষবাৰ গম পাইছিল যুদ্ধৰ আগে আগে৷ অৰ্থাৎ যুদ্ধৰ আগত তেওঁৰ মাতৃয়ে তেওঁক এই সম্পৰ্কে জনাইছিল৷ পিতৃপুৰুষৰ উদ্দেশ্যি খাদ্য আৰু পানী প্ৰদান নকৰাৰ বাবে তেওঁ এই অনিচ্ছাকৃত ভুল সোধৰাব খুজিছিল সেয়ে তেওঁ ১৬ দিনৰ বাবে মৰ্ত্যলৈ আহিবলৈ অনুমতি বিচাৰে দেৱৰাজ ইন্দ্ৰৰ পৰা৷ তেতিয়া দেৱৰাজ ইন্দ্ৰই তেওঁক ১৬ দিনৰ বাবে মৰ্ত্যলৈ আহিবলৈ অনুমতি দিয়ে৷ এই ১৬ দিনকেই পিতৃপক্ষ হিচাপে জনা যায়৷ ভাদ্ৰ পূৰ্ণিমাৰ পৰবৰ্তী প্ৰতিপদৰ পৰা অমাবস্যা তিথি পৰ্যন্ত পিতৃপক্ষ পালন কৰা হয়৷
তৰ্পণ কি? পূৰ্বপুৰুষ, ঋষি, স্বৰ্গীয় পিতামহ আৰু গুৰুৰ উদ্দেশ্যে খাদ্য আৰু পানী নিবেদন কৰি তেওঁক শ্ৰদ্ধা জনাই তুষ্ট কৰাই হ’ল তৰ্পণ৷ তৰ্পণ বিভিন্ন প্ৰকাৰৰ হয়৷ বিভিন্ন তৰ্পণৰ বিভিন্ন প্ৰক্ৰিয়া বা ৰীতি প্ৰচলিত আছে৷ পুৰাণত কোৱা হৈছে পিতৃপুৰুষ তুষ্ট হ’লে তেওঁলোকৰ আশীৰ্বাদত জীৱদ্দশাত দীৰ্ঘায়ু, ধনসম্পত্তি, জ্ঞান, শান্তি আৰু মৃত্যুৰ পাছত স্বৰ্গ আৰু মোক্ষ লাভ হয়৷
পূৰ্বপুৰুষৰ মৃত্যুৰ তিথিতেই তৰ্পণ কৰা হয়৷ মৃত্যু তিথিত সম্ভৱ নহ’লে পিতৃপক্ষৰ শেষ দিন অৰ্থাৎ অমাবস্যা তিথিত বা মহালয়াৰ দিনা তৰ্পণ কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ