আৰম্ভ হৈছে নতুন সপ্তাহ৷ আগন্তুক ৭ দিন কেনেকৈ পাৰ হ’ব আপোনাৰ? কি কৈছে জ্যোতিষশাস্ত্ৰই?
মেষ ৰাশি
আজিৰ পৰা আৰম্ভ হোৱা সপ্তাহৰ আৰম্ভণি মেষ ৰাশিৰ জাতকৰ বাবে মিশ্ৰ হ’ব৷ এই সপ্তাহত আপোনাৰ খং কমা খুবেই প্ৰয়োজন৷ আয় বাঢ়িব পাৰে৷ নিজৰ ওপৰিও মাতৃৰ স্বাস্থ্যৰ যত্ন লওক৷ বিবাহিত জীৱনত সুখ থাকিব৷ আৰাম আৰু বিলাস সংক্ৰান্তিয় সামগ্ৰীত খৰচ বাঢ়িব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ জীৱনত ওঠা নমা লাগি থাকিব৷ কোনো তৃতীয় ব্যক্তি আপোনাৰ প্ৰেম জীৱনত প্ৰৱেশ কৰিব পাৰে৷ আলোচনাৰ মাধ্যমেৰে যিকোনো বিবাদৰ সমাধান কৰক৷ এই সপ্তাহত আপুনি আপোনাৰ বন্ধুৰ ডাঙৰ সমস্যা সমাধান কৰিব৷
মিথুন ৰাশি
আজিৰ পৰা আৰম্ভ হোৱা সপ্তাহ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ’ব৷ এই সপ্তাহত, সন্তানৰ বাবেই সন্মান বাঢ়িব৷ প্ৰেমত সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব পাৰে৷ হঠাৎ বিপুল পৰিমাণৰ অৰ্থ পাব পাৰে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকে এই সপ্তাহত আলস্য ত্যাগ কৰি আগুৱাই যাব পাৰে৷ এই সপ্তাহত আপোনাৰ খৰচ বাঢ়িব পাৰে৷ অফিচত আপোনাৰ সময় সদ্ব্যৱহাৰ কৰক৷ কঠিন সময়ত প্ৰেমৰ সংগী আপোনাৰ সহায়ক প্ৰমাণিত হ’ব৷ দাম্পত্য জীৱনত সুখ থাকিব৷
সিংহ ৰাশি
নতুন সপ্তাহ সিংহ ৰাশিৰ জাতকৰ বাবে অসুবিধাপূৰ্ণ হ’ব পাৰে৷ কঠিন সময়ত আপুনি বন্ধু আৰু পৰিয়ালৰ সমৰ্থন পাব৷ অফিচত আপোনাৰ শত্ৰুৰ পৰা সতৰ্ক থাকক৷ প্ৰেমৰ সম্পৰ্কত কোনো ভুল বুজাবুজিক ঠাই ল’বলৈ নিদিব৷
কন্যা ৰাশি
এই সপ্তাহত কন্যা ৰাশিৰ জাতকে নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত৷ এই সপ্তাহত বতৰ পৰিবৰ্তনৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিক সমস্যাত ভূগিব পাৰে৷ কৰ্মক্ষেত্ৰত আপুনি খিংখিঙিয়া হৈ উঠিব পাৰে৷ কোনো গুৰুত্বপূৰ্ণ কামত অৱহেলা নকৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















