আৰম্ভ হৈছে নতুন সপ্তাহ৷ নতুন সপ্তাহ কেইটামান ৰাশিৰ জাতক জাতিকাৰ বাবে খুবেই সুখময় হ’ব৷ এই তালিকাত কোন কোন ৰাশি আছে?
তুলা ৰাশি
নতুন সপ্তাহত তুলা ৰাশিৰ জাতকৰ জীৱনলৈ সুখ আৰু সৌভাগ্য আহিব৷ এই সপ্তাহত আপোনাৰ দীৰ্ঘদিনৰ কোনো পৰিকল্পনা বাস্তবায়িত হ’ব পাৰে৷ ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰাৰ সুযোগ পাব৷ প্ৰেমৰ সম্পৰ্ক মজবুত হ’ব৷ দাম্পত্য জীৱনলৈ সুখ আহিব৷ আপুনি যদি চাকৰি পৰিবৰ্তনৰ কথা ভাৱিছে এই সপ্তাহত ভাল অফাৰ আহিব৷
বৃশ্চিক ৰাশি
এই সপ্তাহত বৃশ্চিক ৰাশিৰ জাতকে তেওঁলোকৰ পৰিকল্পিত কামসমূহ আৰু কঠোৰ পৰিশ্ৰমৰ সৈতে সম্পন্ন কৰিবলৈ সক্ষম হ’ব৷ কাংক্ষিত সাফল্য পাব পাৰে৷ অন্যৰ পৰা লোৱা ঋণ এই সময়ত পৰিশোধ কৰিব পাৰিব৷ বুদ্ধিমত্তাৰ সৈতে অৰ্থ ব্যয় কৰিব পাৰে৷ প্ৰেমত সংগীৰ অনুভূতিৰ উপেক্ষা নকৰিব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কামত ধৈৰ্য্য ৰাখি আগবাঢ়ক৷ এই সপ্তাহত আপুনি ভ্ৰমণ কৰিব পাৰে৷ আপোনাৰ সন্মান বাঢ়িব৷ অসাৱধানতাৰ কাৰণে জেষ্ঠ্যজনৰ ক্ৰোধৰ সন্মুখীন হ’ব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত ঘৰৰ কোনো প্ৰবীণৰ অসুস্থতা আপোনাৰ বাবে উদ্বেগৰ বিষয় হৈ উঠিব পাৰে৷ জীৱনত আপুনি চেলেঞ্জৰ মুখামুখি হ’ব পাৰে৷ শিক্ষাৰ্থীসকলে সাফল্য অৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব পাৰে৷ প্ৰেমত ভাৱিচিন্তি পদক্ষেপ লওক৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ ভাগ্য এই সপ্তাহত উজ্জ্বল হ’ব পাৰে৷ অফিচত আপোনাৰ বিশেষ কৃতিত্বৰ বাবে আপুনি সন্মানিত বা পুৰস্কৃত হ’ব পাৰে৷ এই সপ্তাহত আপোনাৰ কোনো ডাঙৰ ইচ্ছা পূৰণ হ’ব পাৰে৷ জীৱনসংগীৰ সৈতে আনন্দময় মুহূৰ্ত কটাব পাৰে৷ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবে নতুন সপ্তাহটো শুভ হ’ব৷ এই সপ্তাহত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ আপুনি প্ৰতিটো কামতেই সফলতা লাভ কৰিব৷ কৰ্মজীৱী নাৰীয়ে সফলচা অৰ্জন কৰিব৷ দাম্পত্য জীৱনত সুখ থাকিব৷ ব্যৱসায়ত কাংখিত লাভ পাব পাৰে৷ প্ৰেমত সংগীৰ সৈতে ভাল সময় কটাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ