আগন্তুক সোমবাৰ ২০ অক্টোবৰৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে, সেই সপ্তাহৰ প্ৰথম দিন সোমবাৰে পালিত হ’ব কালীপূজা আৰু দীপাৱলি৷ বুধাদিত্য ৰাজযোগ আৰু হংস ৰাজযোগ থাকিব এই দীপাৱলিত৷ ইয়াৰোপৰি আগন্তুক সপ্তাহত তুলা ৰাশিৰ ওপৰিও অৱস্থান কৰিব সূৰ্য আৰু মঙ্গলে৷ ইয়াৰ ফলত গঠিত হ’ব আদিত্য মঙ্গল যোগ৷ জ্যোতিষ অনুসৰি সূৰ্য আৰু মঙ্গল উভয়েই শক্তি আৰু এনাৰ্জিৰ প্ৰতীক৷ আগন্তুক সপ্তাহত আদিত্য মঙ্গল যোগৰ প্ৰভাৱত উন্নতিৰ এটাৰ পাছত আনটো সুযোগ পাব৷ জানি থওক ২০ৰ পৰা ২৬ অক্টোবৰৰ মাজত আগন্তুক সপ্তাহত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
বৃষ ৰাশি
আগন্তুক সপ্তাহ শুভ আৰু কাৰ্যকৰী হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ এই সপ্তাহত আপুনি নিজৰ কোনো ঘনিষ্ঠ বন্ধু বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়তা পাব৷ ইয়াৰ ফলত আপোনাৰ জীৱন সাফল্য আৰু আনন্দৰে ভৰি উঠিব৷ মা কালীৰ আশীৰ্বাদত কোনো কঠিন কাম বা ডাঙৰ দায়িত্ব আপুনি নিৰ্বিঘ্নে পালন কৰিব পাৰে৷ বিশেষ কিছু অৰ্জন কৰাৰ বাবে সন্মানিত কৰা হ’ব মেষৰ জাতকক৷
কৰ্কট ৰাশি
২০ অক্টোবৰৰ পৰা আৰম্ভ হোৱা সপ্তাহত উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ এই সপ্তাহত কোনো ডাঙৰ সমস্যাৰ পৰা হঠাৎ মুক্তি পাব আপুনি৷ যিসকলে চাকৰিৰ চেষ্টা কৰিছে তেওঁলোকে সপ্তাহৰ শেষত সুখবৰ পাব পাৰে৷ জীৱনসংগীৰ সৈতে সম্পৰ্কত ঘনিষ্ঠতা আৰু মাধুৰ্য বাঢ়িব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷
সিংহ ৰাশি
আদিত্য মঙ্গল যোগৰ প্ৰভাৱত আগন্তুক সপ্তাহত খুবেই ভাল সময় আহিব সিংহ ৰাশিৰ জাতকৰ৷ হঠাৎ নানান দিশৰ পৰা লাভৱান হ’ব আপুনি৷ এই সময়ত কেৰিয়াৰ সংক্ৰান্তিয় যি সিদ্ধান্ত ল’ব তাৰ পৰা আপোনাৰ লাভ হ’ব পাৰে৷ সপ্তাহৰ আৰম্ভণিৰে পৰাই আপুনি নিজৰ টকা পইছা সঠিকভাৱে মেনেজ কৰিব পাৰিব৷ অফিচত উন্নতি কৰিব পাৰে৷
বৃশ্চিক ৰাশি
আগন্তুক সপ্তাহত নানান দিশৰ পৰা ভাগ্য খুলিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতেই কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰে৷ ঘৰত হঠাৎ অতিথি আহিব পাৰে৷ অতিথিৰ পৰা কোনো সুখবৰো পাব পাৰে৷ অফিচত চিনিয়ৰসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ নানান সূত্ৰৰ পৰা অৰ্থাগম হব পাৰে৷
কুম্ভ ৰাশি
নতুন সপ্তাহত কুম্ভ ৰাশিৰ জাতকৰ জীৱৱত কিছু পজিটিভ পৰিবৰ্তন আহিব৷ সপ্তাহৰ আৰম্ভণিতেই কোনো প্রভাৱশালী ব্যক্তিৰ সহায় লাভ কৰিব৷ যি সমস্যাই আপোনাক বহু দিন ধৰি অশান্তি কৰি আছে সেই সমস্যাৰ পৰা মুক্তি পাব৷ আদালতত কোনো গোচৰ চলিলে ৰায় আপোনাৰ পক্ষত আহিব৷ কোনো ধৰ্মীয় স্থানলৈ যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















