আগন্তুক সোমবাৰ ১৯ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া নতুন সপ্তাহত গঠিত হব শুভ কালানিধি যোগ৷ এই সপ্তাহত ৰাহু আৰু কেতুৱে নিজৰ স্থান পৰিবৰ্তন কৰিব৷ ইয়াৰোপৰি এই সপ্তাহত যুঁটি বান্ধিব শুক্ৰ আৰু চন্দ্ৰই৷ ইয়াৰ ফলত গঠিত হব কালানিধি যোগ৷ যি সুখ, সম্পদ, শান্তি আৰু ধৰ্মীয় চেতনা আনিব কেইটামান ৰাশিৰ জাতকৰ জীৱনত৷ ইয়াৰ সৈতে কালানিধি যোগে বুদ্ধি আৰু বিবেচনা বোধ আৰু তীক্ষ্ণ কৰিব কেইটামান ৰাশিৰ জাতকৰ৷ জানি থওক ১৯ মে’ৰ পৰা ২৫ মেৰ ভিতৰত এই সপ্তাহত প্ৰতিপত্তি লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?
বৃষ ৰাশি
মে মাহৰ তৃতীয় সপ্তাহ লাভজনক হব বৃষ ৰাশিৰ জাতকৰ বাবে৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি নিজৰ মাজত নতুন এনাৰ্জি অনুভৱ কৰিব৷ নতুন সপ্তাহত নিজৰ লক্ষ্যৰ নিচেই কাষত উপস্থিত হব বৃষ ৰাশিৰ জাতক৷ কেৰিয়াৰত সাফল্য পাব আৰু পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷
সিংহ ৰাশি
নতুন সপ্তাহত সকলো কঠিন কাম সহজে কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ মনত আনন্দ থাকিব৷ কৰ্মস্থলত কোনো মহিলা সহকৰ্মীয়ে আপোনাক সহায় কৰিবলৈ আগুৱাই আহিব৷ বাকী থকা কাম এই সময়ত সম্পূৰ্ণ কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ নিজৰ প্ৰতিভা সকলোৰে সন্মুখত তুলি ধৰিব পাৰিব৷
কন্যা ৰাশি
১৯ মে’ৰ পৰা আৰম্ভ হোৱা সপ্তাহত কেৰিয়াৰত সাফল্য পাব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত আপুনি আত্মবিশ্বাসেৰে তুংগত থাকিব৷ সাহসী সিদ্ধান্ত লৈ কেৰিয়াৰলৈ অহা ডাঙৰ চেলেঞ্জৰ মোকাবিলা কৰিব পাৰে৷ পৰিয়ালত কোনো শুভ অনুষ্ঠানৰ আয়োজন হব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি প্ৰাপ্তিৰ যোগ আছে৷
ধনু ৰাশি
কালানিধি যোগৰ প্ৰভাৱত নতুন সপ্তাহ শুভ হব ধনু ৰাশিৰ জাতকৰ৷ নিজৰ সময় আৰু এনাৰ্জি আপুনি সঠিক কামত ব্যৱহাৰ কৰিব৷ বন্ধুৰ সহায় পাব৷ যিসকলে বিদেশত কৰ্মৰত তেওঁলোকৰ অভাৱনীয় লাভ হব৷ উপাৰ্জন বাঢ়িব৷ পৰিয়ালৰ সৈতে কোনো স্থানলৈ ফুৰিবলৈ যাব পাৰে৷ দাম্পত্য জীৱনত মাধুৰ্য থাকিব৷
মীন ৰাশি
নতুন সপ্তাহত কোনো গুৰুত্বপূৰ্ণ কামত সাফল্য পাব পাৰে মীন ৰাশিৰ জাতকে৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি কোনো ভাল খবৰ পাব পাৰে৷ এই সপ্তাহত বিনিয়োগ কৰিলে তাৰ সুফল পাব৷ কেৰিয়াৰত কাঙ্খিত সাফল্য পাব৷ উপাৰ্জনৰ নতুন পথ খুলিব৷ অলস ভাৱ ত্যাগ কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















