অসম লাইভ ২৪ঃ বিদায় ২০২১, স্বাগতম ২০২২। বিশাল প্ৰত্যাশা, ব্যোম ব্যাপ্ত আশা। আকৌ নতুন প্ৰভাত হ’ব। সুন্দৰ হ’ব ধৰণী, অন্ত পৰিব মহামাৰীৰ। সমাজ হ’ব গংগা, প্ৰতিজন মানুহ হ’ব দেৱ নন্দন। আনন্দৰ ফল্গুধাৰা ব’ব ধৰিত্ৰী ব্যাপী। স্বাগতম ২০২২।
আনন্দ উলাহেৰে আদৰণি নৱবৰ্ষক। মধ্যনিশা আতচবাজীৰ পোহৰত উজলিব ’২১ৰ চিৰযুগমীয়া নাপাহৰা কথা। আঁতৰিব বিষাদ, আতংক। মহামাৰীৰ মহাতংকৰ মাজতো ’২২ৰ প্ৰৱেশত পৰিৱৰ্তনৰ সম্ভাৱনাত পৃথিৱী আজি আনন্দত আত্মহাৰা।
সকলোৰে আশা শান্তি-সমৃদ্ধিযুক্ত, পংকমুক্ত, হত্যা-হিংসা বৰ্জিত স্বাচ্ছন্দ্যৰ সমাজ। আশাবোৰ পূৰ হওক, কথাবোৰে ৰূপ পাওক, ‘অসম লাইভ ২৪’ৰো সেয়ে কামনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ