ডালিম সকলোৱে খাই ভাল পায়। উপকাৰী গুণেৰে সমৃদ্ধ ডালিমে শৰীৰৰ বহুতো সমস্যা দূৰ কৰিব পাৰে। ডালিমে তেজৰ পৰিমাণ বৃদ্ধি কৰে, দুৰ্বলতা দূৰ কৰে, পাচনতন্ত্ৰ শক্তিশালী কৰে। নিয়মিত ডালিম সেৱনে শৰীৰ শক্তিশালী কৰে, ছালৰ ৰং উন্নত কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ডালিমত থকা এন্টিঅক্সিডেন্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে, যাৰ ফলত বহু ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। ডালিমৰ ৰঙা ৰঙা বীজেই নহয়, ডালিমৰ বাকলিও আমাৰ বাবে যথেষ্ঠ উপকাৰী। ইয়াৰ বাকলিৰ বহুতো ঔষধি গুণৰ আছে। আয়ুৰ্বেদত শক্তিশালী বনৌষধি হিচাপে গণ্য কৰা হয়।
ছালৰ লগত জড়িত সমস্যাৰ বাবেও ডালিমৰ বাকলি অত্যন্ত উপকাৰী। যদি আপোনাৰ দাগ বা ব্ৰণ থাকে তেন্তে শুকান ডালিমৰ বাকলিৰ গুড়ি কৰি গোলাপৰ পানী দি পেষ্ট বনাব পাৰে। এই পেষ্টটো সপ্তাহত দুবাৰকৈ মুখত লগালে বেক্টেৰিয়া কমোৱাত সহায় হয়। ছালখন পৰিষ্কাৰ আৰু জিলিকি থাকে। ই প্ৰাকৃতিক ফেচ পেক হিচাপে কাম কৰে, কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ নোহোৱাকৈ ছালখন সুস্থ কৰি ৰখাত সহায় কৰে।
গৰমৰ দিনত ডায়েৰিয়াৰ দৰে পাচনতন্ত্ৰৰ সমস্যা সাধাৰণতে দেখা যায়। এনে ক্ষেত্ৰত ডালিমৰ বাকলি গুড়ি অতি ফলপ্ৰসূ বুলি ধৰা হয়। ইয়াক মাখন আৰু অলপ পোৰা জিৰাৰ লগত মিহলাই খালে পেটৰ ক্ষতিকাৰক বেক্টেৰিয়া নাইকিয়া হয় আৰু অন্ত্ৰৰ প্ৰদাহ কমায়। এই ঘৰুৱা উপায়ে হজম শক্তিৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু পেট শান্ত কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













