গৰমৰ দিনত বেছি পৰিমাণৰ পানী নাখালে নচলেই। কাৰণ গৰমত মানুহৰ গাৰ পৰা বহুত পৰিমাণৰ ঘাম নিগৰে।
যদি পৰ্যান্ত পৰিমাণে পানী নাখাওঁ তেতিয়া ডিহাইড্ৰেচন হোৱাৰ সম্ভাৱনা থাকে। আনহাতে, পানীও য’তে ত’তে খোৱাটো অনুচিত। সদায় বিশুদ্ধ পানী খাব লাগে। আৰু গৰমত গ্লুক’জ মিহলি পানী খোৱাটো ভাল।
বিশেষকৈ গৰমৰ দিনত চৰ্বত খাব পাৰিলে বেছি ভাল। ই দেহৰ কাৰণে উপকাৰী। গৰমত নেমু চৰ্বতো দেহৰ কাৰণে বহুত উপকাৰী। নেমু চৰ্বতৰ উপৰিও বতৰৰ সতেজ ফল-মূল খাব লাগে। ডাব-নাৰিকল পানী, তিয়হ, দৈ, কৰ্দৈৰ ৰস, কুহিয়াৰৰ ৰস আদি যথেষ্ট পৰিমাণৰ খাব লাগে।
লগতে পঢ়ক কফি শ্বপৰ সন্মুখত কোন পুৰোহিতৰ হস্তমৈথুন? ইয়াৰ পিছত কি হ’ল?
গ্ৰীষ্ম ঋতুত শৰীৰটো ঠাণ্ডা কৰিবৰ বাবে কুঁহিয়াৰৰ ৰস পান কৰা হয়। কুঁহিয়াৰ যদিও ফল নহয় ইয়াক ফলৰ ভিতৰতে ধৰা হয়। কুঁহিয়াৰৰ এই ৰস আন ফলৰ ৰসৰ দৰেই উপকাৰী। সোৱাদযুক্ত কুঁহিয়াৰৰ ৰসে শৰীৰৰ উষ্ণতা সন্তুলিত কৰি ৰাখে। কুঁহিয়াৰৰ পৰা উৎপাদন কৰা গুৰ দেহৰ বাবে বৰ উপকাৰী।
কুহিয়াৰ ৰসৰ উপকাৰিতা—
১. কুঁহিয়াৰ ৰস সদায় একোবাৰ খাব পাৰিলে প্ৰসূতিৰ স্তনত গাখীৰ বৃদ্ধি হয়।
২. হিকটি আহিলে লৰালৰিকৈ কুঁহিয়াৰ ৰস খাই দিলে হিকতি বন্ধ হৈ যায় ।
লগতে পঢ়ক কাকপথাৰত আলফা(স্বা) আৰু সেনাৰ মাজত প্ৰচণ্ড গুলীয়াগুলী, নিহত ১
৩. কুঁহিয়াৰ ৰস জণ্ডিচ ৰোগৰ বাবেও উপকাৰী। ই এলকালাইন প্ৰকৃতিৰ আৰু দেহত ইলেক্ট্ৰলাইটৰ সন্তুলন বজাই ৰখাত সহায় কৰে।
৪. কুঁহিয়াৰ ৰস প্ৰতিদিনে দুবাৰকৈ এগিলাচ পান কৰিলে পিত্তবিকাৰ নোহোৱা হয় আৰু বমি ভাব আঁতৰ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ