অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত দপথাৰ গাঁৱত আলফা(স্বা) আৰু সেনাৰ মাজত প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয়।
দুয়োপক্ষৰ গুলীয়াগুলীত আলফা(স্বা)ৰ এজন সদস্য নিহত হোৱা বুলি খবৰ আহিছে৷ আলফা(স্বা)ৰ নিহত সদস্যজন ৰিংকু অসম বুলি সন্দেহ কৰা হৈছে৷ আনহাতে আলফা(স্বা)ৰ অন্য তিনিজন সদস্য আহত হোৱা বুলিও খবৰ আহিছে৷ অৱশ্যে অভিযানকাৰী সেনা বাহিনীৰ কোনো হতাহতি হোৱা নাই৷
লগতে পঢ়ক কলাত প্ৰথম স্থানপ্ৰাপ্ত সাধনা দেৱীৰ বহী পৰীক্ষণত অনিয়ম! তিনি শিক্ষয়িত্ৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ!
তিনিচুকীয়া জিলাৰ আৰক্ষীৰ অধীক্ষক দেৱজিৎ দেউৰীয়ে অসম লাইভ ২৪ক জনোৱা অনুসৰি কাকপথাৰৰ দপথাৰ গাঁৱত আলফা(স্বা)ৰ ৬ জনীয়া এটা দলে বাহৰ পতাৰ খবৰ লাভ কৰে৷
সেই খবৰ পোৱা মাত্ৰকেই আলফা(স্বা)ৰ দলটোৰ বিৰুদ্ধে আৰক্ষীসহ সেনা বাহিনীয়ে অভিযান চলায়৷ উক্ত অভিযানত দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয়৷ ইফালে ঘটনাসন্থলীৰ পৰা আলফা(স্বা)ৰ সদস্যসকলে যাতে পলায়ন কৰিব নোৱাৰে তাৰ বাবে সেনা বাহিনীয়ে ঘেৰি ৰাখি সমগ্ৰ এলেকাটোতে অভিযান অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ