ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনক মুঠ ৬টাকৈ উপহাৰ দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তালিকাত আছে দেশৰ বিভিন্ন প্ৰান্তৰ বিশেষ বিশেষ সামগ্ৰী আছে৷ অসমৰ চাহ আছে প্ৰথম উপহাৰত৷ ৰুছ প্ৰেছিডেণ্টক দিয়া ৬বিধ সামগ্ৰীৰ তালিকাত প্ৰথমেই আছে অসমৰ চাহ৷ তাৰপিছতেই আছে কাশ্মীৰৰ বিখ্যাত সুগন্ধী মছলা জাফৰান৷ উপহাৰৰ তালিকাত আছে ৰূপৰ ওপৰত বিশেষ কাৰুকাৰ্য থকা টি চেট বা চাহৰ পিয়লা, কেটলি আৰু কেইবাবিধো পাত্ৰ৷ ইয়াৰোপৰি পুটিনৰ এটা ৰূপৰ ঘোঁৰাও উপহাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ এই ঘোঁৰাই মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছে৷
ইয়াৰোপৰি উপহাৰৰ টোপোলাত আছে এখন গীতাও৷ ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলন উপলক্ষে দুদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছিল পুটিন৷ বৃহস্পতিবাৰে নিশা প্ৰটকল ভাঙি বিমানবন্দৰলৈ গৈ নিজেই স্বাগত জনাইছিল মোদীয়ে৷ ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ ঘনিষ্ঠতাৰ বাৰ্তা তাতেই স্পষ্ট হৈ পৰিছিল৷ পুটিনৰ হাতত মোদীয়ে তুলি দিছে গীতাৰ এখন ৰাছিয়ান সংস্কৰণ৷ মহাভাৰতৰ যুদ্ধৰ পূৰ্বে অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ মাজত যি কথোপকথন হৈছিল সেয়াই এই গ্ৰন্থত লিপিবদ্ধ আছে৷ গীতা উপহাৰৰ কথা সামাজিকমাধ্যমত নিজেই জনাইছিল মোদীয়ে৷ বন্ধুৰ হাতত উপহাৰ তুলি দিয়া মুহূৰ্তৰ ছবিও তেওঁ পোষ্ট কৰিছে৷ এইসমূহৰ ওপৰিও উপহাৰ হিচাপে দিয়া হৈছে উত্তৰপ্ৰদেশৰ আগৰায়ত তৈয়াৰ কৰা মাৰ্বল পাথৰৰ দবাও৷
উল্লেখ্য যে ২০২৬ চনৰ আৰম্ভণিতেই অসম আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন আছে৷ সেয়ে পুটিনৰ উপহাৰ চিনাক্তকৰণৰ নেপথ্যত এইকেইখন ৰাজ্যক অগ্ৰাধিকাৰ দিয়াটো প্ৰধানমন্ত্ৰী মোদীৰ অত্যন্ত বুদ্ধিমানৰ কাম বুলিও বহুতে উল্লেখ কৰিছে৷
ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক বিগত কেইবাবছৰত আৰু ঘনিষ্ঠ হৈছে৷ ৰাছিয়াৰ পৰা খনিজ তেল ক্ৰয়ৰ কাৰণে ভাৰতৰ পণ্যত ৫০ শতাংশ শুল্ক আৰোপো কৰিছে আমেৰিকান প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে৷ কিন্তু আমেৰিকাৰ চাপ থকা স্বত্ত্বেও ভাৰত পিছুৱাই অহা নাই৷ ৰাছিয়াৰ সৈতে বাণিজ্যনীতিৰো কোনো পৰিবৰ্তন কৰা নাই৷ দিল্লীৰ পৰা আকৌ সেই বাৰ্তাই দিছে পুটিনে৷ প্ৰশ্ন তুলিছে আমেৰিকাই নিজেই যদি ৰাছিয়াৰ তেল কিনিব পাৰে ভাৰতৰ বাধা ক’ত আছে? পুটিনৰ এই যাত্ৰাই দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















