অসম লাইভ২৪ঃ ২৯ফেব্ৰুৱাৰী ডেড লাইন। ২৯ ফেব্ৰুৱাৰীৰ পাছত আৰু বেংকিং পৰিসেৱা দিব নোৱাৰিব বেচৰকাৰী বেংকিং সংস্থা পে টিএমে। এই নিৰ্দেশ জাৰি কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া RBIয়ে। RBIৰ সেই নিৰ্দেশৰ পাছতেই বিপদত পৰিছে পেটিএম। শ্বেয়াৰ বজাৰতো বিপৰ্যয় নামি আহিছে। দেশৰ শীৰ্ষ বেংকে জনোৱা অনুসৰি ২৯ফেব্ৰুৱাৰীৰ পাছত পেটিএমে গ্ৰাহকক আৰু বেংকিং পৰিসেৱা আগবঢ়াব নোৱাৰিব। ২৯ফেব্ৰুৱাৰীৰ পাছত এই বেচৰকাৰী বেংকিং সংস্থাই কোনো গ্ৰাহকৰ পেটিএম একাউণ্ট, ৱালেট বা ফাষ্টটেগত নতুনকৈ ধন জমা দিব বা ক্ৰেডিট কৰিব নোৱাৰিব বুলি স্পষ্টকৈ জনাই দিছে ৰিজাৰ্ভ বেংকে। ৰিজাৰ্ভ বেংকৰ এই ঘোষণাৰ পাছতেই পেটিএম শ্বেয়াৰৰ দৰ কমিবলৈ আৰম্ভ হৈছে।
বৃহস্পতিবাৰে পে টিএমৰ শ্বেয়াৰৰ দৰ ২০শতাংশলৈ কমি আহিছে। বুধবাৰে পেটিএমৰ প্ৰতিটো শ্বেয়াৰৰ দাম আছিল ৭৬১ টকা। বৃহস্পতিবাৰে সেই শ্বেয়াৰ কমি ৬০৯ টকা হৈছে। কিন্তু কিয় ৰিজাৰ্ভ বেংকৰ শাস্তিৰ সন্মুখীন কিয় হ’বলগা হৈছে পেটিএম? দেশৰ শীৰ্ষ বেংকে কিয় পেটিএমৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই সম্পৰ্কে স্পষ্টৰূপত জনাইছে যে তেওঁলোকে ক্ৰমাগত নিয়ম উলংঘন কৰিছে। KYC আৰু আইটি সম্পৰ্কিয় নিয়ম ভঙাৰ বাবেই ৰিজাৰ্ভ বেংকৰ শাস্তিৰ সন্মুখীন হৈছে পেটিএম। পেটিএম পেমেণ্টছ বেংক লিমিটেড (পিপিবিএল) আৰু অভিভাৱত সংস্থা ৱান ৯৭ কমিউনিকেছনছৰ মাজত প্ৰয়োজনীয় তথ্য আদানপ্ৰদান সংক্ৰান্তীয় অনিয়মৰ অভিযোগো উত্থাপিত হৈছে।
ইয়াৰোপৰি পেটিএমৰ ভাৰতীয় গ্ৰাহকসকলৰ তথ্য চীনা অংশীদাৰসকলৰ হাতলৈ যোৱাৰো অভিযোগ উত্থাপিত হৈছে এই সংস্থাৰ বিৰুদ্ধে। বেচৰকাৰী বেংকিং সংস্থা বা আৰ্থিক প্ৰতিষ্ঠানত আমানতকাৰীসকলে জমা ৰখা টকাৰ নিৰাপত্তাক লৈ বহু দিন ধৰিয়েই উদ্বেগ প্ৰকাশ কৰিছে শীৰ্ষ বেংকে। ২০১৮ চনৰ পৰা ৰিজাৰ্ভ বেংকৰ নজৰত আছে পেটিএম পেমেণ্টছ বেংক।
KYC সংক্ৰান্তীয় নিয়ং অমান্য কৰাৰ বাবে বিগত বৰ্ষৰ অক্টোবৰ মাহত পেটিএমক ৫.৩৯ কোটি টকাৰ জৰিমনা বিহিছিল ৰিজাৰ্ভ বেংকে। ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত দিয়া বিবৃত্তিত জনাইছিল, ‘KYC সংক্ৰান্তীয় নিয়ম নমনাৰ বাবে, বেংকত লাইছেন্সিং বিষয়ক নিয়ম অমান্য কৰাৰ বাবে, দিনৰ শেষত গ্ৰাহকৰ বেলেন্স সম্পৰ্কীয় শুদ্ধ তথ্য নিদিয়াৰ বাবে, ইউপিআই পেমেণ্টৰ ক্ষেত্ৰত এপ নিৰ্ভৰ মোবাইল বেংকিং নিৰাপত্তা সংক্ৰান্তীয় নিয়ম নমৱাৰ বাবে পেটিএমক এই জৰিমনা বিহা হৈছে।’
ইয়াৰ পূৰ্বে ২০২২ চনৰ মাৰ্চ মাহত পেটিএমক নতুন একাউণ্ট খোলাৰ বিষয়টোত নিষেধাজ্ঞা জাৰি কৰিছিল ৰিজাৰ্ভ বেংকে। ৰিজাৰ্ভ বেংকে নিৰ্দেশ দিছিল, নতুনকৈ আৰু কোনো গ্ৰাহকক যোগ নকৰাব। কিন্তু সেই আইনো অমান্য কৰি আহিছে পেটিএমে। ২০১৮ চনতেই প্ৰথমবাৰৰ বাবে KYC প্ৰক্ৰিয়াৰ অনিয়মক লৈ সতৰ্কবাণী দিছিল ৰিজাৰ্ভ বেংকে। শেহতীয়াভাৱে পেটিএমৰ ডেডলাইন বান্ধি দিয়াৰ পাছতেই গ্ৰাহকৰ মাজত উদ্বেগ বাঢ়িছে। পেটিএম একাউণ্টত জমা থকা টকা কি হ’ব সেই বিষয়টোক লৈয়ো চিন্তিত হৈ পৰিছে পেটিএম গ্ৰাহক।
গ্ৰাহকৰ জমা ধনক লৈ কি কৈছে ৰিজাৰ্ভ বেংকে?
RBIয়ে জনাইছে যে, ২৯ফেব্ৰুনাৰীৰ পাছত এই বেচৰকাৰী বেংকিং সংস্থাৰ কোনো গ্ৰাহকৰ পেটিএম একাউণ্ট, ৱালেট বা ফাষ্টটেগ নতুনকৈ ধন জমা দিয়া বা ক্ৰেডিট লেনদেনৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। ইয়াৰ বাবে গ্ৰাহকৰ ছেভিংছ একাউণ্ট আৰু ৱালেটত জমা থকা ধনৰ ওপৰত কোনো প্রভাৱ নপৰে। পেটিএম একাউণ্টত জমা হৈ থকা ধন গ্ৰাহকে ব্যৱহাৰ কৰিব পাৰিব। ছেভিংছ আৰু কাৰেণ্ট দুই একাউণ্টৰ ক্ষেত্ৰতেই এই নিয়ম কাৰ্যকৰী হ’ব। অৰ্থাৎ ২৯ ফেব্ৰুৱাৰীৰ পাছতো গ্ৰাহকৰ পেটিএম একাউণ্টৰ পৰা অনলাইনত ধন ট্ৰেন্সফাৰ কৰিব পৰা যাব। পেটিএমৰ ইউনিফায়েড পেমেণ্ট ইণ্টাৰফেচ বা ইউপিআইৰ লেনদেনত কোনো সমস্যা নহয়।
গ্ৰাহকক উদ্দেশ্যি এই একেই বাৰ্তা শ্বেয়াৰ কৰিছে পেটিএমেও। সংস্থাক লৈ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশৰ পাছতেই ইতিমধ্যে নিজা প্ৰতিক্ৰিয়াও দাঙি ধৰিছে পেটিএমে। এক বিবৃতিতত পেটিএমৰ প্ৰধান সংস্থা ৱান-৯৭ কমিউনিকেশ্ব্যনছে জনাইছে যে, পেটিএম পেমেণ্টছ বেংক লিমিটেডে যিমান পাৰি সিমান সোনকালে এই সমস্যা সমাধানৰ বাবে ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনাত বহিম। ৰিজাৰ্ভ বেংকে যি নিৰ্দেশ দিছে, সেই নিয়মো অনতিপলমে কাৰ্যকৰী হ’ব বুলিও জনাইছে ওছিএলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ