তৃতীয় পৰ্যায়ৰ কৰ্কট ৰোগত আক্ৰান্ত হীনা খান, আপুনিও থাকক সাৱধানে, স্তন কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?
টিভি জগতৰ অতিকে জনপ্ৰিয় অভিনেত্ৰী হিনা খানৰ নতুনকৈ পৰিচয় দিয়াৰ কথা নাই। প্ৰায় সকলোৱে চিনি পাই মোহময়ী এইগৰাকী অভিনেত্ৰীক। পাছে বৰ্তমানে হীনাক প্ৰয়োজন অনুৰাগী সকলৰ প্ৰাৰ্থনাৰ। ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অনুৰাগী আৰু আপোনজনৰ সৈতে শ্বেয়াৰ কৰিছে স্তন কেন্সাৰত আক্ৰান্ত হোৱাৰ খবৰ।
তৃতীয় পৰ্যায়ৰ স্তন কেন্সাৰত আক্ৰান্ত হৈছে অভিনেত্ৰী হীনা খান। বৰ্তমানে চিকিৎসা চলি আছে হীনা খানৰ। বৰ্তমানে সকলো মহিলাই সাৱধানে থকাতো প্ৰয়োজন। এই স্তন কেঞ্চাৰৰ প্ৰাৰম্ভিক লক্ষণ কি কি জানেনে!
স্তন কেন্সাৰ কি?
যেতিয়া স্তন কোষবোৰ বিভাজিত হৈ দ্ৰুতগতিত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেতিয়া স্তনত এটা গোট গঠন হয়। যদি আপুনি বহুদিনলৈ মনোযোগ নিদিয়ে তেন্তে এই গোটটোৱে টিউমাৰৰ ৰূপ লয়। স্তন কেন্সাৰ ক্ৰমান্বয়ে সমগ্ৰ শৰীৰত বিয়পিবলৈ আৰম্ভ কৰে। স্তন কেন্সাৰ এক বিপজ্জনক ৰোগ, যাৰ চিকিৎসা সঠিক সময়ত কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে মাংশ পেশী আৰু সংযোজক কলা বেয়াকৈ প্ৰভাৱিত হয়। সময়মতে চিকিৎসা লাভ নকৰিলে মৃত্যুও হ’ব পাৰে।
স্তন কেন্সাৰৰ লক্ষণ-
স্তনত কোনো গোট মৰা
স্তনৰ যিকোনো অংশ ডাঠ বা টান হোৱা
স্তনৰ বিষ
স্তনৰ ছাল ৰঙা পৰা
নিপল ভিতৰলৈ সোমোৱা
নিপলৰ অংশত বিষ হোৱা
নিপলৰ পৰা তেজ ওলোৱা
স্তন কেন্সাৰৰ বিপদজনক কাৰক-
স্তন কেন্সাৰৰ পৰিয়ালৰ ইতিহাস
কম বয়সতে মাহেকীয়া হোৱা
ডাঙৰ বয়সত মাহেকীয়া আৰম্ভ হোৱা
মদ খোৱা
অধিক বয়সত প্ৰথম সন্তান জন্ম দিয়া
কোনোদিনে গৰ্ভৱতী নহয়
বৃদ্ধ বয়সতো বিপদ
জেনেটিক সমস্যা
ৰজোনিবৃত্তিৰ হৰম’ন থেৰাপী
মেদবহুলতাৰ সমস্যা
স্তন কেন্সাৰ কেনেকৈ চিনাক্ত কৰিব পাৰি?
স্তন কেন্সাৰ ধৰা পেলোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল মেম’গ্ৰাফী কৰা। মেম’গ্ৰাফী হৈছে কৰ্কট ৰোগ আৰু স্তনৰ ৰোগ আগতীয়াকৈ ধৰা পেলোৱাৰ বাবে ব্যৱহাৰ কৰা এক্স-ৰে ইমেজিং পদ্ধতি।
নিজকে পৰীক্ষা কেনেকৈ কৰিব?
স্তন কেন্সাৰৰ লক্ষণ ধৰা পেলাবলৈ ঘৰতে স্তন স্পৰ্শ কৰি চাওক। যদি আপুনি কোনো ধৰণৰ গোটা অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক আৰু পৰীক্ষা কৰক। ইয়াৰ বাহিৰেও যদি নিপলৰ পৰা তেজ ওলায় তেন্তে ইয়াক আওকাণ নকৰিব, কাৰণ ই স্তন কেন্সাৰৰ লক্ষণ হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ