অসম লাইভ২৪ঃ ডায়াবেটিছ বা ব্লাড চুগাৰ ভাৰতবৰ্ষৰ এক গুৰুতৰ সমস্যা৷ দেশৰ বহুলোকেই আক্ৰান্ত হৈছে ডায়াবেটিছত৷ বিশেষজ্ঞসকলৰ মতে বহুসংখ্যক লোকেই নাজানে যে তেওঁলোক ডায়াবেটিছত আক্ৰান্ত হৈ আছে৷ ব্লাড ছুগাৰৰ পৰীক্ষা নকৰাৰ লগতে সচেতনতাৰ অভাৱৰ বাবেও বহুলোকৰ এই ৰোগ বৃদ্ধি পাইছে৷ ডায়াবেটিছৰ ফলত চকু, কিডনী, নাৰ্ভৰ বিস্তৰ ক্ষতি হয়৷ চিকিৎসকে প্ৰকাশ কৰামতে আমাৰ দৌনন্দিন জীৱনত হোৱা কিছু ভুলৰ বাবেই ডায়াবেটিছৰ সমস্যা বৃদ্ধি পাইছে৷ দৈনিক জীৱন প্ৰণালীত কেইটামান বিশেষ সালসলনি ঘটালেই এই সমস্যাৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব পাৰি৷
মেদবহুলতা কমোৱা
ওজন কমালেও এই ঘাতক অসুখৰ পৰা কিছু পৰিমানে ৰেহাই পাব পাৰি৷ বিভিন্ন গৱেষণাত প্ৰকাশ পোৱা অনুসৰি মাত্ৰ ৭ শতাংশ ওজন কমাব পাৰিলেই এই ৰোগব হোৱাৰ আশংকা কমি যায়৷ বিশেষকৈ প্ৰি-ডায়াবেটিছ থাকিলে দ্ৰুতভাৱে ওজন কমাওক৷ ওজন কমাবলৈ খাদ্যভাষৰ লগতে শৰীৰ চৰ্চাও জৰুৰী৷ দৈনিক প্ৰায় ৩০ মিনিট সময় শৰীৰ চৰ্চা কৰক৷ এই নিয়ম মানিয়েই ডায়াবেটিছৰ পৰা ৰেহাই পোৱাটো প্ৰায় নিশ্চিত৷
ঘাম উলিয়াওক
অলস জীৱনযাত্ৰাত আমি সকলোৱেই অভ্যস্ত৷ শাৰীৰিক পৰিশ্ৰম প্ৰায় নকৰোৱেই৷ সেয়ে শৰীৰে অকণমান কষ্ট পালেই অসুখে দেখা দিয়ে৷ সেয়ে দৈনিক ব্যায়াম কৰাটো শৰীৰৰ বাবে অতি জৰুৰী৷ নিয়মিত ব্যায়াম কৰিলে ওজন কমে, ব্লাড ছুগাৰ কমে, ইনছুলিনেও ভালধৰণে কাম কৰে৷ সেয়ে প্ৰতিদিনেই শৰীৰ চৰ্চা কৰাটো অতি জৰুৰী৷ এজন সুস্থ মানুহে দৈনিক ৩০ মিনিট সময় ব্যায়াম কৰিব লাগে৷ ব্যায়ামৰ মাজত এৰোটিক ব্যায়াম কৰিব পাৰে৷ ৰেজিষ্টেন্স ট্ৰেইনিঙ ললেও সুফল পোৱা যায়৷
নিৰামিষ খাদ্য গ্ৰহণ কৰক
সেউজীয়া উদ্ভিদত প্ৰচুৰ পৰিমানে ভিটামিন, খনিজ আৰু ফাইবাৰ থাকে৷ সেয়ে নিয়মিতভাৱে নিৰামিষ খাদ্য গ্ৰহণ কৰিলে উপকাৰ পোৱা যায়৷ সেউজীয়া উদ্ভিদত থকা ফাইবাৰে ৰক্ত শৰ্কৰা কমাই দিয়ে৷ ইয়াৰ অৰ্থ এয়ে যে ওজন বৃদ্ধি হ’বলৈ নিদিয়ে৷ সেয়ে প্ৰি ডায়াবেটিছত নিয়মিতভাৱে শাক, ফলমূল খাব লাগে৷ দেখা গৈছে যে যিসকল লোকে দৈনিক সেউজীয়া পাচলি গ্ৰহণ কৰে তেওঁলোকৰ শৰীৰত পুষ্টি অটুত থাকে৷
চৰ্বীযুক্ত খাদ্যও গ্ৰহণ কৰক
চৰ্বীৰ কথা শুনিলেই বহুতেই জঁপিয়াই উঠে৷ কিন্তু চিকিৎসকে জনোৱা অনুসৰি শৰীৰৰ বাবে ফেটো অত্যন্ত জৰুৰী উপাদান৷ ফেটে ইনচুলিন চেনছিটিভিটি বঢ়াই দিয়ে৷ এই ক্ষেত্ৰত একোজন ব্যক্তিয়ে আলমণ্ড, ওয়ালনাট, চিড, টুনা আদি খাদ্য তালিকাত ৰাখিব পাৰে৷
নিয়মিতভাৱে ছুগাৰ টেষ্ট কৰাওক
ডায়াবেটিছ প্ৰতিৰোধৰ অন্যতম এক উপায় হৈছে নিয়মিত ছুগাৰ টেষ্ট৷ এই ক্ষেত্ৰত বছৰত এবাৰ ছুগাৰ টেষ্ট কৰাওক৷ ফাষ্টিং ছুগাৰ ১০০ ৰ ভিতৰত থাকিলেই বূুজিৰ যে ছুগাৰ নাই৷ ছুগাৰ ১০০ ৰ পৰা ১২৬ ৰ মাজত থাকিলে আপুনি এজন প্ৰি-ডায়াবেটিক৷ প্ৰিডায়াবেটিকসকলে কেইটামান নিয়ম মানিলেই অনায়াসে ডায়াবেটিছ প্ৰতিৰোধ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ