পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সকলোৱে গুৰুত্ব দিয়া উচিত। পুৰুষ হওক বা মহিলাই হওক, সকলোৱে নিজকে পৰিষ্কাৰ কৰি ৰাখিব লাগে। বিশেষকৈ গৰম দিনত মানুহে নিজৰ শৰীৰৰ যত্ন লোৱাটো দৰকাৰী। গৰম আৰু ঘামৰ ফলত আমাৰ শৰীৰত সংক্ৰমণৰ আশংকা বৃদ্ধি পায়। সেয়ে গৰমৰ দিনত কাপোৰৰ পৰা আৰম্ভ কৰি খোৱা-বোৱা সকলোতে গুৰুত্ব দিয়াৰ প্ৰয়োজন।
আজি জানো আহক পুৰুষসকলে কিদৰে গৰম দিনত পৰিষ্কাৰ-পৰিচ্ছন্নতা (Genital Hygiene For Men) বজাই ৰাখিব লাগে।
মহিলা আৰু পুৰুষৰ বহুতো শাৰীৰিক পাৰ্থক্য আছে। পুৰুষৰ প্ৰজনন তন্ত্ৰত বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োটা গঠন থাকে যিবোৰ প্ৰস্ৰাৱ, যৌন কাৰ্যকলাপ আৰু শুক্ৰাণু উৎপাদনৰ বাবে প্ৰয়োজনীয়। বাহিৰৰ অংশটো অণ্ডকোষ আৰু লিংগৰে গঠিত।
প্ৰস্ৰাৱৰ সংক্ৰমণ, যৌন সংক্ৰমকন ৰোগ আৰু অন্যান্য বেক্টেৰিয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গু*প্তাংগ চাফা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। কেৱল যৌন স্বাস্থ্যৰ বাবেই নহয়, সামগ্ৰিক স্বাস্থ্যৰ বাবেও ই গুৰুত্বপূৰ্ণ। সেয়ে পৰিষ্কাৰ পানীৰে গুপ্তাংগ চাফা কৰক, তেতিয়া খজুৱতি ৰোধৰ লগতে সংক্ৰমণ ৰোধ হ’ব। দিনটোত এবাৰ হ’লেও অংশবোৰ ধুব লাগে। যদি বহুত মলি থাকে তেন্তে বেছিকৈ ধুব লাগে। অণ্ডকোষ আৰু লিংগৰ চাৰিওফালে পৰিষ্কাৰ কৰিব।
গৰমত কপাহৰ পৰা তৈয়াৰী আণ্ডাৰৱেৰ ব্যৱহাৰ কৰিব। ইয়াৰ ফলত আৰ্দ্ৰতা নাথাকে আৰু ব্যক্তিগত অংশৰ চাৰিওফালে থকা অংশ শুকান হৈ থাকে।
মনত ৰাখিব, যৌন সম্পৰ্ক স্থাপন কৰাৰ সময়ত সদায় কণ্ডম আৰু লুব্ৰিকেণ্টৰ দৰে সুৰক্ষা ব্যৱহাৰ কৰিব লাগে। যৌন সম্পৰ্কৰ আগতে আৰু পিছত সদায় ধুব লাগে। ই কেৱল পুৰুষৰ বাবেই নহয়, মহিলাৰ বাবেও ভাল, ফলত সংক্ৰমক ৰোগ কৰিব পাৰে।
(অস্বীকাৰ: এই বিষয়বস্তু কেৱল সাধাৰণ তথ্যৰ বাবেহে প্ৰদান কৰা হৈছে। অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















