• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰাজ্যৰ সংখ্যালঘু অঞ্চলত হ’ব উন্নয়নৰ ধুমুহা’

‘ৰাজ্যৰ সংখ্যালঘু অঞ্চলত হ’ব উন্নয়নৰ ধুমুহা’

32 seconds ago
এই ৭ ৰাশিৰ উজলিব ভাগ্য

এই ৭ ৰাশিৰ উজলিব ভাগ্য

14 minutes ago
দাম বাঢ়িব নেকি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ?

দাম বাঢ়িব নেকি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ?

35 minutes ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

দাঁতৰ বিষ কষ্ট দিছে? তেন্তে এই ঘৰুৱা পদ্ধতিৰে পাব আপুনি সকাহ

2 hours ago
মহ খেদিবলৈ জ্বলাইছিল ধূপ, কিন্তু শেষ হৈ গ’ল জীৱন!

মহ খেদিবলৈ জ্বলাইছিল ধূপ, কিন্তু শেষ হৈ গ’ল জীৱন!

3 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

এই সপ্তাহত সোণ-ৰূপৰ দামে কৰিব আচৰিত! কি ক’লে বিশেষজ্ঞই?

3 hours ago
মাহেকীয়াৰ পূৰ্বে অধিক বগা স্ৰাৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

মাহেকীয়াৰ পূৰ্বে অধিক বগা স্ৰাৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
সময়তকৈ দুঘণ্টা পূৰ্বে ৰাওনা ৰে’ল, আদালতে দিলে ১৫৬২০ টকাৰ ক্ষতিপূৰণ

সময়তকৈ দুঘণ্টা পূৰ্বে ৰাওনা ৰে’ল, আদালতে দিলে ১৫৬২০ টকাৰ ক্ষতিপূৰণ

4 hours ago
SBI ত ওলাইছে চাকৰি, শীঘ্ৰে অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

SBI ত ওলাইছে চাকৰি, শীঘ্ৰে অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

দীপাৱলীৰ নিশা শোকাৱহ দুৰ্ঘটনা! নৈত পৰি নিমিষতে শেষ এটা পৰিয়াল

5 hours ago
নৱেম্বৰ মাহত উজলিব ভাগ্য, কোন কোন ৰাশিৰ জাতক-জাতিকাৰ হ’ব পদোন্নতি?

নৱেম্বৰ মাহত উজলিব ভাগ্য, কোন কোন ৰাশিৰ জাতক-জাতিকাৰ হ’ব পদোন্নতি?

7 hours ago
Train Accident: ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! শ শ যাত্ৰীৰ মাজত হাহাকাৰ।

Train Accident: ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! শ শ যাত্ৰীৰ মাজত হাহাকাৰ।

9 hours ago
দেৱালীৰ পিছতে অতিমাত্ৰা বিষাক্ত হৈ পৰিছে ৰাজধানী দিল্লীৰ বায়ু, AQI এ পাৰ কৰিলে ৪০০ ৰ ঘৰ

দেৱালীৰ পিছতে অতিমাত্ৰা বিষাক্ত হৈ পৰিছে ৰাজধানী দিল্লীৰ বায়ু, AQI এ পাৰ কৰিলে ৪০০ ৰ ঘৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘ৰাজ্যৰ সংখ্যালঘু অঞ্চলত হ’ব উন্নয়নৰ ধুমুহা’

মুছলমান ৰাইজক লৈ আৰু কি কি ক'লে মুখ্যমন্ত্ৰীয়ে?

editor by editor
November 9, 2026
in অসম, ৰাজনীতি, লেখা
0
‘ৰাজ্যৰ সংখ্যালঘু অঞ্চলত হ’ব উন্নয়নৰ ধুমুহা’
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লাহৰীঘাটত নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দাবীৰে বিজয় উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান ৰাইজৰ উন্নয়ন আৰু বিভিন্ন সমস্যা সমাধানৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সংখ্যালঘু এলেকাসমূহত উন্নয়নৰ ধুমুহা সৃষ্টি কৰা হ’ব। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউ আঁচনিলৈকে চৰকাৰী সুবিধাসমূহ যাতে যোগ্য হিতাধিকাৰীয়ে লাভ কৰে, তাৰ ব্যৱস্থা কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে মুছলমান ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ৰাইজে নিজৰ সমস্যাসমূহ স্থানীয় বিধায়ক আৰু সাংসদক জনাব লাগে। তেওঁলোক ৰাইজৰ ঘৰে ঘৰে গৈ সমস্যাৰ বুজ ল’ব। মাটি-বাৰী, ৰাস্তা-ঘাটকে ধৰি বিভিন্ন সমস্যাৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব। মুছলমান মহিলাসকলেও লাখপতি বাইদেউ আঁচনিৰ সুবিধা লাভ কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰিব বুলি তেওঁ আশ্বাস দিয়ে।

চৰকাৰী আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত দালালৰ প্ৰভাৱ বন্ধ কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ মতে, চৰকাৰী আঁচনিৰ নামত দালালি কৰা লোকসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব। যোগ্য হিতাধিকাৰীয়ে যাতে কোনো মধ্যভোগীৰ সহায় নোলোৱাকৈ আঁচনিৰ সুবিধা লাভ কৰে, তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

কংগ্ৰেছ আৰু AIUDFক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নিৰ্বাচনৰ সময়ত কংগ্ৰেছে বহু প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচনৰ পিছত সেই প্ৰতিশ্ৰুতিসমূহ পাহৰি যায়। ইয়াৰ বিপৰীতে বিজেপিয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰে বুলি তেওঁ দাবী কৰে। কথাৰে নহয়, কামেৰে বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতি প্ৰমাণ কৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

কংগ্ৰেছৰ কোনো বিধায়কে যদি ৰাইজৰ ওপৰত দাদাগিৰি কৰে, তেন্তে সেই বিষয়ে চৰকাৰক অৱগত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰ সদায় আগবাঢ়ি আহিব বুলি তেওঁ আশ্বাস দিয়ে।

ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযানৰ ইংগিত

লাহৰীঘাটৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানক লৈও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰে ধৰ্মৰ ভিত্তিত কোনো বিচাৰ নকৰে। চৰকাৰী ভূমি বা বনাঞ্চল দখল কৰি থাকিলে বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰাটো চৰকাৰৰ উদ্দেশ্য নহয়। যিয়েই বনাঞ্চল বা চৰকাৰী ভূমি দখল কৰিব, তেওঁৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব। মাটি দখল কৰি বহি থকা মাতাব্বৰসকলকো ৰেহাই দিয়া নহ’ব বুলি তেওঁ সকীয়াই দিয়ে।

তেওঁ লগতে কয় যে কোনো লোকৰ যদি বসবাসৰ বাবে মাটিৰ প্ৰয়োজন হয়, তেন্তে চৰকাৰৰ ওচৰত মাটিৰ বাবে আবেদন জনাব পাৰে। চৰকাৰে প্ৰয়োজন অনুসৰি মাটি দিয়াৰ ব্যৱস্থা কৰিব পাৰে। কিন্তু এঠাইৰ পৰা আন ঠাইলৈ গৈ চৰকাৰী ভূমি দখল কৰি বসতি স্থাপন কৰাৰ নীতি কোনো কাৰণতে গ্ৰহণযোগ্য নহ’ব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান চলোৱাৰ সম্ভাৱনাৰ ইংগিত দিছে। চৰকাৰী ভূমি আৰু বনাঞ্চল বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

সামগ্ৰিকভাৱে লাহৰীঘাটৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু ৰাইজৰ উন্নয়ন, চৰকাৰী আঁচনিৰ সুবিধা, দালালৰ বিৰুদ্ধে ব্যৱস্থা আৰু বেদখলমুক্ত অভিযানৰ বিষয়ে নিজৰ বক্তব্য দাঙি ধৰে। কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰে উন্নয়নমূলক কামৰ জৰিয়তে ৰাইজৰ আস্থা লাভ কৰিছে বুলিও তেওঁ দাবী কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Assam CM Himanta Biswa Sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৭ ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

এই ৭ ৰাশিৰ উজলিব ভাগ্য

November 9, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

দাঁতৰ বিষ কষ্ট দিছে? তেন্তে এই ঘৰুৱা পদ্ধতিৰে পাব আপুনি সকাহ

November 9, 2026
মহ খেদিবলৈ জ্বলাইছিল ধূপ, কিন্তু শেষ হৈ গ’ল জীৱন!
ভাৰত

মহ খেদিবলৈ জ্বলাইছিল ধূপ, কিন্তু শেষ হৈ গ’ল জীৱন!

November 9, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
জীৱনশৈলী

এই সপ্তাহত সোণ-ৰূপৰ দামে কৰিব আচৰিত! কি ক’লে বিশেষজ্ঞই?

November 9, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.