পোহৰৰ উৎসৱ দীপাৱলী। সমগ্ৰ দেশতে এই উৎসৱ পালন কৰা হয় আনন্দ, উলাহ আৰু উৎসাহেৰে। ঘৰ-দুৱাৰ বন্তিৰে সজাই, আতচবাজী ফুটাই, মিঠাই বিতৰণ কৰি মানুহে উদযাপন কৰে পোহৰৰ এই উৎসৱ। কিন্তু এইবাৰৰ দীপাৱলীৰ আনন্দৰ মাজতেই দেশৰ কেইবাটাও প্ৰান্তত নামি আহিল এক ভয়ংকৰ শোকৰ ছাঁ। উৎসৱৰ আনন্দ মুহূৰ্ততে পৰিণত হ’ল কান্দোন আৰু হাহাকাৰত।
দীপাৱলীৰ দিনাই দেশৰ বিভিন্ন স্থানত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ড আৰু অন্যান্য দুৰ্ঘটনাত ৪১জন লোকৰ কৰুণ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। এই ঘটনাসমূহৰ ভিতৰত মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ঘটনাই বিশেষভাৱে জোকাৰি গৈছে দেশবাসীক। ক’ৰবাত অগ্নিকাণ্ডত একাধিক পৰিয়ালৰ সদস্যৰ মৃত্যু হৈছে, আন ক’ৰবাত নিজৰ মাতৃৰ কোলাতেই অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছে এটি নিষ্পাপ দুমহীয়া শিশুৱে।
মধ্যপ্ৰদেশত দুটা পৰিয়ালৰ ১২জনৰ মৃত্যু
দীপাৱলীৰ আনন্দৰ মাজতে মধ্যপ্ৰদেশত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডই সৃষ্টি কৰিলে গভীৰ শোকৰ পৰিৱেশ। অগ্নিকাণ্ডৰ ফলত দুটা পৰিয়ালৰ মুঠ ১২জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। মুহূৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে পৰিয়াল দুটাক। ঘটনাৰ ভয়াবহতা ইমানেই অধিক আছিল যে বহু লোকৰ জীৱন ৰক্ষা কৰাটো সম্ভৱ নহ’ল। উৎসৱৰ দিনটোত পৰিয়ালৰ সৈতে আনন্দ কৰাৰ পৰিৱৰ্তে বহু লোকৰ জীৱন শেষ হৈ পৰিল এক কৰুণ ঘটনাৰ মাজেৰে। এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে উৎসৱৰ সময়ত সামান্য অসাৱধানতায়ো কিমান ভয়ংকৰ পৰিণতি কঢ়িয়াই আনিব পাৰে।
মহাৰাষ্ট্ৰতো একেটা পৰিয়ালৰ ৬জনৰ কৰুণ মৃত্যু
মধ্যপ্ৰদেশৰ সমান্তৰালভাৱে মহাৰাষ্ট্ৰৰ ধাৰাশিৱ জিলাৰ য়েডশী গাঁৱতো সংঘটিত হয় এক হৃদয়বিদাৰক অগ্নিকাণ্ড। এটা পৰিয়ালৰ ছয়জন সদস্যই এই অগ্নিকাণ্ডত প্ৰাণ হেৰুৱায়। পৰিয়ালটোৱে বাসগৃহৰ তলৰ মহলাত এখন গেলামালৰ দোকান চলাইছিল আৰু ওপৰৰ মহলাত বসবাস কৰিছিল। দীপাৱলীৰ বাবে জ্বলোৱা মাটিৰ চাকিৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে। জুই বিয়পি পৰাৰ ফলত পৰিয়ালৰ সদস্যসকল ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰে। ধোঁৱাৰ ফলত শ্বাসৰুদ্ধ হৈ অধিকাংশ লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে। মৃত লোকসকলৰ ভিতৰত আছে ৭৫ বছৰীয়া উত্তম ত্ৰিম্বক কাৰাণ্ডে, ৭০ বছৰীয়া চন্দ্ৰকলা, ৪৭ বছৰীয়া গোবিন্দ, ৪২ বছৰীয়া জ্যোতি, ১৬ বছৰীয়া গায়ত্ৰী আৰু ১৫ বছৰীয়া সিদ্ধি। পৰিয়ালটোৰ এজন কিশোৰ এই দুৰ্ঘটনাৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হয়।
মাতৃৰ কোলাতে মৃ*ত্যুক সাৱটিলে দুমহীয়া শিশুৱে
এই সকলোবোৰ ঘটনাৰ ভিতৰত মধ্যপ্ৰদেশৰ কাটনি জিলাৰ বাৰহী চহৰৰ ঘটনাই সকলোৰে হৃদয় কঁপাই তুলিছে। দীপাৱলীৰ নিশা এটা তিনিমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অট্টালিকাটোৰ তলৰ মহলাত প্লাষ্টিকৰ সামগ্ৰীৰ দোকান আছিল। জুই দ্ৰুতগতিত বিয়পি পৰাৰ ফলত ওপৰৰ মহলাত থকা পৰিয়ালৰ সদস্যসকল আৱদ্ধ হৈ পৰে। এই ঘটনাত একেটা পৰিয়ালৰ ছয়জন লোকৰ মৃত্যু হয়। মৃতকৰ ভিতৰত আছিল ৭৭ বছৰীয়া পূৰণ আগৰৱালা, তেওঁৰ পত্নী চন্দ্ৰকলা, বোৱাৰী পুনম, ১৪ বছৰীয়া আৰ্য, ৬ বছৰীয়া অন্বী আৰু এটি দুমহীয়া কেঁচুৱা। সকলোতকৈ মৰ্মান্তিক কথাটো হ’ল, দুমহীয়া শিশুটিয়ে মাতৃ পুনমৰ কোলাতেই মৃত্যুক সাৱটি লয়। জুইৰ লেলিহান শিখা আৰু ধোঁৱাই আগুৰি ধৰাৰ ফলত মাতৃ আৰু শিশুটিক উদ্ধাৰ কৰাটো সম্ভৱ নহ’ল।
অট্টালিকাটোত প্ৰৱেশ আৰু বাহিৰ ওলোৱাৰ বাবে মাত্ৰ এটা পথ থকাৰ বাবে উদ্ধাৰ অভিযানতো অসুবিধাৰ সৃষ্টি হৈছিল। অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে বহু চেষ্টা কৰিও পৰিয়ালটোৰ ছয়জন সদস্যক বচাব নোৱাৰিলে।
দেশৰ অন্য প্ৰান্ততো দীপাৱলীৰ দিনাই মৃত্যুৰ খবৰ
কেৱল মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰতেই নহয়, দেশৰ আন কেইবাটাও প্ৰান্ততো দীপাৱলীৰ সময়ছোৱাত অগ্নিকাণ্ড আৰু আতচবাজীজনিত দুৰ্ঘটনাত মানুহৰ মৃত্যু হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
ৰাজস্থানৰ পালি জিলাত আতচবাজীৰ দোকানত অগ্নিকাণ্ড সংঘটিত হৈ দুজন লোকৰ মৃত্যু হয়। দিল্লীৰ নাৰেলাতো আতচবাজীৰ ফলত ১০ বছৰীয়া এটি শিশুৰ মৃত্যু হয়। মুম্বাইৰ লোখণ্ডৱালা অঞ্চলত সংঘটিত অগ্নিকাণ্ডত এজন লোকৰ মৃত্যু হয়। জম্মুৰ নেহৰু মাৰ্কেটত সংঘটিত অগ্নিকাণ্ডত ১২খনৰো অধিক দোকান জ্বলি ছাই হয়। অৱশ্যে এই ঘটনাত মৃত্যুৰ খবৰ প্ৰকাশ পোৱা নাই। তামিলনাডুতো দীপাৱলীৰ সময়ছোৱাত আতচবাজীজনিত আঘাত আৰু অন্যান্য ঘটনাত মৃত্যু আৰু বহু লোক আহত হোৱাৰ খবৰ প্ৰকাশ পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















