গুৱাহাটীৰ ইউনিক ৱেলনেছ ফাউণ্ডেচনত এগৰাকী মহিলাক জোৰকৈ আবদ্ধ কৰি ৰখাৰ অভিযোগে নতুন মোৰ লৈছে। এই ঘটনাত ৰিহেব চেণ্টাৰটোৰ স্বত্বাধিকাৰী ৰিকু কাশ্যপক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁৰ স্বামীৰ নিৰ্দেশতে ৰিকু কাশ্যপে তেওঁক অপহৰণ কৰি নিচামুক্তি কেন্দ্ৰটোত জোৰকৈ ৰাখিছিল। অভিযোগ অনুসৰি, ভুক্তভোগী মহিলাগৰাকীৰ স্বামী আৰু ধৃত ৰিকু কাশ্যপৰ মাজত আছে বন্ধুত্ব। মহিলাগৰাকীক অপহৰণ কৰাৰ বাবে স্বামীয়ে ৰিকু কাশ্যপক ৫০ হাজাৰ টকা দিছিল বুলি অভিযোগ উঠিছে। সেই ধনৰ বিনিময়তে ৰিকুৱে মহিলাগৰাকীক অপহৰণ কৰি ইউনিক ৱেলনেছ ফাউণ্ডেচনলৈ লৈ গৈছিল বুলি ভুক্তভোগীয়ে অভিযোগ কৰিছে।

ভুক্তভোগী মহিলাগৰাকীৰ ভাষ্য অনুসৰি, ঘটনাটো কোনো স্বাভাৱিক চিকিৎসা বা পুনৰ্বাসন প্ৰক্ৰিয়াৰ অংশ নাছিল। বৰং তেওঁৰ স্বামীৰ নিৰ্দেশত পৰিকল্পিতভাৱে তেওঁক লৈ যোৱা হৈছিল। ৰিকু কাশ্যপে ৫০ হাজাৰ টকাৰ বিনিময়ত এই কাম কৰিছিল বুলি অভিযোগ। কেৱল মহিলাগৰাকীকেই নহয়, তেওঁৰ পৰিয়ালৰ লোকসকলক লৈও পৰিকল্পনা কৰা হৈছিল বুলি অভিযোগত উল্লেখ কৰা হৈছে। বিশেষকৈ ভুক্তভোগী মহিলাগৰাকীৰ ভগ্নীকো অৰুণাচললৈ লৈ যোৱাৰ পৰিকল্পনা ৰিকু কাশ্যপে কৰিছিল বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে।
ঘটনাটোৰ আন এক গুৰুতৰ অভিযোগ হৈছে ভুক্তভোগী মহিলাগৰাকীৰ পিতৃকো জোৰকৈ নিচাযুক্ত দ্ৰব্য খুওৱা হৈছিল। ৰিকু কাশ্যপ আৰু নিচামুক্তি কেন্দ্ৰটোৰ কেইজনমান যুৱকে ভুক্তভোগী মহিলাগৰাকীৰ পিতৃক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইউনিক ৱেলনেছ ফাউণ্ডেচনত থকা কেইবাজনো যুৱকে তেওঁৰ পিতৃক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল বুলিও মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে।

এই অভিযোগসমূহে সমগ্ৰ ঘটনাটো অধিক ৰহস্যজনক কৰি তুলিছে। আন এক গুৰুত্বপূৰ্ণ অভিযোগ হৈছে, ৰিকু কাশ্যপৰ পত্নীয়ে ভুক্তভোগী মহিলাগৰাকীৰ স্বামীক বিভিন্ন সময়ত এই কথা পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে ভুক্তভোগী মহিলাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু ড্ৰাগছ আসক্ত। মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁক মানসিকভাৱে অসুস্থ বা নিচাসক্ত হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাই তেওঁৰ অভিযোগ আৰু বক্তব্যক দুৰ্বল কৰাৰ পৰিৱেশ সৃষ্টি কৰা হৈছিল।
ইফালে ৰিকু কাশ্যপক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে ভুক্তভোগী মহিলাগৰাকীৰ স্বামী পলায়ন কৰাৰ অভিযোগ উঠিছে। ঘটনাটোৰ সৈতে স্বামীৰ সম্পৰ্কৰ অভিযোগ পোহৰলৈ অহাৰ পাছতে তেওঁৰ পলায়নে সমগ্ৰ বিষয়টো অধিক সন্দেহজনক কৰি তুলিছে। বৰ্তমান ৰিকু কাশ্যপ আৰক্ষীৰ জিম্মাত আছে। আৰক্ষীয়ে ঘটনাটোৰ আঁৰত আৰু কোনো লোক জড়িত আছে নেকি, মহিলাগৰাকীক কিয় আৰু কেনেকৈ নিচামুক্তি কেন্দ্ৰটোত ৰখা হৈছিল, লগতে ৫০ হাজাৰ টকাৰ লেনদেনৰ অভিযোগৰ সত্যতা কি—সেই সকলো দিশ তদন্ত কৰি থকা বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















