• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

1 month ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

49 minutes ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

2 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

2 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

4 hours ago
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

4 hours ago
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

4 hours ago
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

5 hours ago
‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

5 hours ago
চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

6 hours ago
দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

7 hours ago
অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

7 hours ago
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

অপহৰণ কাণ্ডত জড়িত নেকি একাংশ নিচামুক্তি কেন্দ্ৰ?

editor by editor
September 15, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?
0
SHARES
515
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটীৰ ইউনিক ৱেলনেছ ফাউণ্ডেচনত এগৰাকী মহিলাক জোৰকৈ আবদ্ধ কৰি ৰখাৰ অভিযোগে নতুন মোৰ লৈছে। এই ঘটনাত ৰিহেব চেণ্টাৰটোৰ স্বত্বাধিকাৰী ৰিকু কাশ্যপক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁৰ স্বামীৰ নিৰ্দেশতে ৰিকু কাশ্যপে তেওঁক অপহৰণ কৰি নিচামুক্তি কেন্দ্ৰটোত জোৰকৈ ৰাখিছিল। অভিযোগ অনুসৰি, ভুক্তভোগী মহিলাগৰাকীৰ স্বামী আৰু ধৃত ৰিকু কাশ্যপৰ মাজত আছে বন্ধুত্ব। মহিলাগৰাকীক অপহৰণ কৰাৰ বাবে স্বামীয়ে ৰিকু কাশ্যপক ৫০ হাজাৰ টকা দিছিল বুলি অভিযোগ উঠিছে। সেই ধনৰ বিনিময়তে ৰিকুৱে মহিলাগৰাকীক অপহৰণ কৰি ইউনিক ৱেলনেছ ফাউণ্ডেচনলৈ লৈ গৈছিল বুলি ভুক্তভোগীয়ে অভিযোগ কৰিছে।

ভুক্তভোগী মহিলাগৰাকীৰ ভাষ্য অনুসৰি, ঘটনাটো কোনো স্বাভাৱিক চিকিৎসা বা পুনৰ্বাসন প্ৰক্ৰিয়াৰ অংশ নাছিল। বৰং তেওঁৰ স্বামীৰ নিৰ্দেশত পৰিকল্পিতভাৱে তেওঁক লৈ যোৱা হৈছিল। ৰিকু কাশ্যপে ৫০ হাজাৰ টকাৰ বিনিময়ত এই কাম কৰিছিল বুলি অভিযোগ। কেৱল মহিলাগৰাকীকেই নহয়, তেওঁৰ পৰিয়ালৰ লোকসকলক লৈও পৰিকল্পনা কৰা হৈছিল বুলি অভিযোগত উল্লেখ কৰা হৈছে। বিশেষকৈ ভুক্তভোগী মহিলাগৰাকীৰ ভগ্নীকো অৰুণাচললৈ লৈ যোৱাৰ পৰিকল্পনা ৰিকু কাশ্যপে কৰিছিল বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে।

ঘটনাটোৰ আন এক গুৰুতৰ অভিযোগ হৈছে ভুক্তভোগী মহিলাগৰাকীৰ পিতৃকো জোৰকৈ নিচাযুক্ত দ্ৰব্য খুওৱা হৈছিল। ৰিকু কাশ্যপ আৰু নিচামুক্তি কেন্দ্ৰটোৰ কেইজনমান যুৱকে ভুক্তভোগী মহিলাগৰাকীৰ পিতৃক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইউনিক ৱেলনেছ ফাউণ্ডেচনত থকা কেইবাজনো যুৱকে তেওঁৰ পিতৃক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল বুলিও মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে।

এই অভিযোগসমূহে সমগ্ৰ ঘটনাটো অধিক ৰহস্যজনক কৰি তুলিছে। আন এক গুৰুত্বপূৰ্ণ অভিযোগ হৈছে, ৰিকু কাশ্যপৰ পত্নীয়ে ভুক্তভোগী মহিলাগৰাকীৰ স্বামীক বিভিন্ন সময়ত এই কথা পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে ভুক্তভোগী মহিলাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু ড্ৰাগছ আসক্ত। মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁক মানসিকভাৱে অসুস্থ বা নিচাসক্ত হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাই তেওঁৰ অভিযোগ আৰু বক্তব্যক দুৰ্বল কৰাৰ পৰিৱেশ সৃষ্টি কৰা হৈছিল।

ইফালে ৰিকু কাশ্যপক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে ভুক্তভোগী মহিলাগৰাকীৰ স্বামী পলায়ন কৰাৰ অভিযোগ উঠিছে। ঘটনাটোৰ সৈতে স্বামীৰ সম্পৰ্কৰ অভিযোগ পোহৰলৈ অহাৰ পাছতে তেওঁৰ পলায়নে সমগ্ৰ বিষয়টো অধিক সন্দেহজনক কৰি তুলিছে। বৰ্তমান ৰিকু কাশ্যপ আৰক্ষীৰ জিম্মাত আছে। আৰক্ষীয়ে ঘটনাটোৰ আঁৰত আৰু কোনো লোক জড়িত আছে নেকি, মহিলাগৰাকীক কিয় আৰু কেনেকৈ নিচামুক্তি কেন্দ্ৰটোত ৰখা হৈছিল, লগতে ৫০ হাজাৰ টকাৰ লেনদেনৰ অভিযোগৰ সত্যতা কি—সেই সকলো দিশ তদন্ত কৰি থকা বুলি জানিব পৰা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24rehabilitation center
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ
অসম

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

October 25, 2026
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি
জীৱনশৈলী

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

October 25, 2026
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!
জীৱনশৈলী

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

October 25, 2026
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

October 25, 2026
Next Post
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.