লক্ষ্ণৌত মাত্ৰ এটা মোবাইল কিস্তি বাকী থকাৰ বাবেই এজন যুৱকৰ সৈতে সংঘটিত হোৱা ভয়ংকৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, এটা ফাইনেন্স কোম্পানীৰ ৰিকাভাৰী এজেণ্টে যুৱকজনক পণবন্দী কৰি প্ৰহাৰ কৰাৰ লগতে পিছত তেওঁক ব্লাড বেংকলৈ লৈ গৈ তেজৰ এটা ইউনিট উলিয়াইছিল। কেৱল সেয়াই নহয়, যুৱকজনৰ পৰিয়ালক ফোনযোগে হত্যাৰ ভাবুকিও দিয়া হৈছিল বুলি অভিযোগ উঠিছে।
ঘটনাটো লক্ষ্ণৌৰ নিগোহান থানা এলেকাৰ খেদা পুৰহিয়া গাঁৱৰ। গাঁওখনৰ বাসিন্দা ৰাজাৰমে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত নিগোহান চহৰৰ এখন মোবাইল দোকানৰ পৰা শূন্য ডাউন পেমেণ্টত প্ৰায় ২১ হাজাৰ টকাৰ এটা মোবাইল ফোন ক্ৰয় কৰিছিল। ফোনটোৰ কিস্তিৰ কিছু ধন বাকী আছিল। অভিযোগ অনুসৰি, সেই বাকী কিস্তিৰ ধন আদায় কৰিবলৈ গৈয়েই সংঘটিত হয় এই ঘটনা।
ভুক্তভোগীৰ ভাতৃৰ অভিযোগ অনুসৰি, ৰিকাভাৰী এজেণ্ট শুভম সিং আৰু আন এজন ব্যক্তি যুৱকজনৰ ঘৰত উপস্থিত হৈছিল। তেওঁলোকে যুৱকজনৰ মোবাইল ফোনটো লৈ যায় লগতে তেওঁক আৰু কিস্তি দিব নালাগিব বুলি কয়। কিন্তু ইয়াৰ পিছত ৭ ছেপ্টেম্বৰত অভিযুক্ত দুজন পুনৰ আহে। অভিযোগ অনুসৰি, তেওঁলোকে নিজৰ স্কুটাৰত যুৱকজনক উঠাই লৈ যায়। তাৰ পিছত যুৱকজনক এটা স্থানত আবদ্ধ কৰি ৰখা হয় আৰু তেওঁক মাৰপিট কৰা হয় বুলি পৰিয়ালে অভিযোগ কৰিছে।
পৰিয়ালৰ অভিযোগ অনুসৰি, যুৱকজনক পণবন্দী কৰি ৰখাৰ পিছত তেওঁক এটা ব্লাড বেংকলৈ লৈ যোৱা হয়। তাত তেওঁৰ শৰীৰৰ পৰা এক ইউনিট তেজ উলিওৱা হয় বুলি অভিযোগ উঠিছে। পৰিয়ালটোৰ দাবী, এই তেজ বিক্ৰী কৰা হৈছিল। এই সময়ছোৱাত যুৱকজনক অহৰহ ভাবুকি দিয়া হৈছিল বুলিও অভিযোগ কৰিছে পৰিয়ালে। আনকি যুৱকজনৰ পৰিয়াললৈ ফোন কৰি হত্যাৰ ভাবুকি দিয়াৰ অভিযোগো উত্থাপন হৈছে।
অভিযোগ অনুসৰি, যুৱকজনৰ মোবাইলৰ বাকী থকা কিস্তিৰ পৰিমাণ আছিল মাত্ৰ ২,৭৯৯ টকা। এই ধন অভিযুক্তসকলৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিবলৈ পৰিয়ালটোক দাবী জনোৱা হৈছিল। ইয়াৰ পিছতে ঘটনাটোৱে অধিক গুৰুতৰ ৰূপ লয়। এটা সামান্য কিস্তিৰ ধন আদায়ৰ বাবে কোনো ব্যক্তিক পণবন্দী কৰি ৰখা, প্ৰহাৰ কৰা আৰু তেজ উলিওৱাৰ দৰে অভিযোগে সমগ্ৰ ৰিকাভাৰী ব্যৱস্থাক লৈও বহু প্ৰশ্নৰ সৃষ্টি কৰিছে।
পৰিয়ালৰ অভিযোগ অনুসৰি, ঘটনাটো আৰক্ষীক জনোৱাৰ পিছতো আৰম্ভণিতে ততাতৈয়াকৈ গোচৰ ৰুজু কৰা হোৱা নাছিল। পিছত সোমবাৰে পৰিয়ালটোৱে লক্ষ্ণৌৰ ডিচিপি (দক্ষিণ) মহম্মদ মুস্তাকক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। ডিচিপিৰ হস্তক্ষেপৰ পিছত আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। বৰ্তমান ঘটনাটোৰ তদন্ত চলি আছে আৰু অভিযুক্তসকলক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে চেষ্টা চলাই আছে বুলি জানিব পৰা গৈছে।
মাত্ৰ ২,৭৯৯ টকাৰ কিস্তিৰ বাবে সংঘটিত হোৱা বুলি অভিযোগ কৰা এই ঘটনাই ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে যুৱকজনক পণবন্দী কৰা, মাৰপিট কৰা, ব্লাড বেংকলৈ লৈ যোৱা আৰু তেজ উলিওৱাৰ অভিযোগসমূহৰ প্ৰকৃত সত্য তদন্তৰ পিছতহে স্পষ্ট হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















